নগাঁও,2মেঃ বগীবিল দলঙৰ ৰেকৰ্ড ভংগ কৰাৰ দিশে অগ্ৰসৰ হৈছে নগাঁৱৰ এখন বিশেষ দলঙে। নগাঁও ৰহাৰ চাপৰমুখৰ এই দলংখনে দেশৰ আটাইতকৈ দীৰ্ঘতম দলং ৰূপে অভিলেখ সৃষ্টি কৰিবলৈ ওলোৱা নাই বৰঞ্চ সুদীৰ্ঘ ওঁঠৰ বছৰেও সম্পূৰ্ণ নোহোৱাৰ বাবেহে বগীবিল দলঙৰ অভিলেখ ভাঙিবলৈ ওলাইছে ৷ দলংখনৰ নিৰ্মাণৰ বাবে এবাৰ দুবাৰ নহয় আধাৰশিলাই স্থাপন কৰা হৈছিল তিনিবাৰকৈ, দলঙখনৰ নিশ্চিহ্ন হ'বলৈ ধৰা আধাৰশিলাই সেই কথা প্ৰমাণ কৰে ৷ কঁপিলী নৈৰ দুয়োপাৰ সংযোগী এই দলংখনৰ প্ৰথম আধাৰশিলা স্থাপন কৰিছিল প্ৰাক্তন গড়কাপ্তানী মন্ত্ৰী শৰৎ বৰকটকীয়ে।
বগীবিলক চেৰ পেলোৱাৰ দিশে নগাঁৱৰ এখন দলং
বগীবিল দলঙৰ ৰেকৰ্ড ভংগ কৰাৰ দিশে অগ্ৰসৰ হৈছে নগাঁৱৰ এখন আৰ চি চি দলং। তিনিবাৰকৈ আধাৰশিলা স্থাপন হোৱা দলঙখন প্ৰায় 18 বছৰেও সম্পূৰ্ণ নোহোৱাত ক্ষোভিত নগাঁৱৰ চাপৰমুখবাসী ৷
বগীবিলক চেৰ পেলোৱাৰ দিশে নগাঁৱৰ এখন দলং
ইপিনে 2001 চনত তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ শাসনতো দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল ৷ ইয়াৰ পৰৱৰ্তী সময়ত মন্ত্ৰী পীযুষ হাজৰিকায়েও স্থাপন কৰিছিল আধাৰশিলা ৷ কিন্তু ইমানৰ পাচতো নিৰ্মাণ নোহাৱা দলংখনৰ বাবে বিগত সময়ত কেইবাবাৰো স্মাৰক পত্ৰ প্ৰদান কৰিছে অঞ্চলটোৰ ৰাইজে ৷ কংগ্ৰেছৰ বিকাশৰ গান আৰু বিজেপিৰ পৰিৱৰ্তনৰ ছবি দেখা চাপৰমুখবাসীয়ে এই পৰ্যন্ত আধৰুৱা দলঙখনৰ পূৰ্ণাংগ ৰূপ দেখা নোপোৱাত এতিয়া ক্ষোভিত হৈ পৰিছে ৷