অসম

assam

By

Published : Apr 9, 2019, 10:44 AM IST

ETV Bharat / state

"এতিয়া আৰু কংগ্ৰেছৰ দিন নাই; বিজেপিৰ দিন, বিজেপিৰে জয়"

বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে খোদ উদঙালে নিজৰ সুবিধাবাদী ৰাজনৈতিক চৰিত্ৰ ৷

"এতিয়া আৰু কংগ্ৰেছৰ দিন নাই: বিজেপিৰ দিন, বিজেপিৰে জয়"

জুৰীয়া, 9 এপ্ৰিল : "বড়ো সকলক উন্নয়নৰ দোহাই দি এতিয়া যাৰ চৰকাৰ নাই তাৰ লগত থাকি একো লাভ নাই ৷ এতিয়া আৰু কংগ্ৰেছৰ দিন নাই; বিজেপিৰ দিন, বিজেপিৰে জয় ৷ " বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এই মন্তব্য প্ৰকাশ কৰে ৷ সোমবাৰে জুৰীয়াস্থিত শালপাৰা বনগাৱঁত কলিয়াবৰ সংসদীয় সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিপিএফ প্ৰধান গৰাকীয়ে ৷

"এতিয়া আৰু কংগ্ৰেছৰ দিন নাই: বিজেপিৰ দিন, বিজেপিৰে জয়"

বড়ো জনজাতীয় অধ্যুষিত এলেকা ৰূপে খ্যাত শালপাৰা বনগাৱঁত অনুষ্ঠিত এই নিৰ্বাচনী সভাখনত হাগ্ৰামা মহিলাৰীৰ লগতে মন্ত্ৰী চন্দ্ৰন ব্ৰহ্ম আৰু সাংসদ বিশ্বজিৎ দৈমাৰী উপস্থিত থাকে ৷ এই সভাখনত সমবেত হোৱা ৰাইজৰ সন্মুখত বি পিএফ প্ৰধান গৰাকীয়ে স্বীকাৰ কৰে বিগত সময়ত কংগ্ৰেছ আৰু বৰ্তমান বিজেপিৰ সৈতে থকা সুবিধাবাদী মিতিৰালিৰ কথা ৷ লগতে বিধানসভাত পুনৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰ হ'ব বুলি প্ৰকাশ কৰি সংখ্যালঘূ ৰাইজকো ৰসিক ভাবে কংগ্ৰেছলৈ নগৈ অগপত ভোট দিবলৈ আহ্বান জনাই হাগ্ৰামা মহিলাৰীয়ে । আনফালে মন্ত্ৰী চন্দন ব্ৰহ্মই কংগ্ৰেছ আৰু এআই ইউডি এফৰ মিত্ৰতাৰ বিষয়ে সমালোচনা কৰি গৌৰৱ গগৈৰ লগতে কংগ্ৰেছে অসমৰ এখনো আসনত যে জিকিব পাৰিব তাকলৈ সন্দেহ প্ৰকাশ কৰে ৷ ইপিনে এই সভাত সাংসদ বিশ্বজিৎ দৈমাৰীয়ে মণিমাধৱ মহন্তক হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় ৷ উল্লেখযোগ্য যে বড়ো-কছাৰী কাউঞ্চিলৰ বাবে সাংসদ দৈমাৰীয়ে বড়ো জনজাতীয় ৰাইজক চৰকাৰৰ লগত থাকিবলৈ আচৰিত ধৰণে খবৰদাৰ কৰি দিয়া পৰিলক্ষিত হ'ল ৷ অৱশ্যে মণিমাধৱ মহন্তৰ হৈ অঞ্চলটোত বিপিএফৰ নেতৃত্বই প্ৰচাৰ চলালে যদিও প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকী সভাখনত শেষ পৰ্যন্তলৈকে উপস্থিত হোৱা দেখা নগ'ল ৷

ABOUT THE AUTHOR

...view details