নগাঁও,11 অক্টোবৰ: নগাঁৱৰ চামগুৰিৰ সমষ্টিৰ অন্তৰ্গত কঠাগুৰিত থকা জনপ্ৰিয় পৰ্যটনস্থলী নীলাপানী হ্ৰদত দেওবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা । হ্ৰদত সাঁতুৰিবলৈ গৈ সন্ধানহীন হয় গুৱাহাটীৰ এজন যুৱক । সন্ধানহীন যুৱকজন গুৱাহাটীৰ বামুনীমৈদামৰ বিকি কলিতা বুলি চিনাক্ত।
নীলাপানী হ্ৰদত সাঁতুৰিবলৈ গৈ সন্ধানহীন গুৱাহাটীৰ যুৱক - গুৱাহাটীৰ যুৱক সন্ধানহীন
দেওবাৰে নগাঁৱৰ কঠালগুৰিত শোকাৱহ ঘটনা । নীলাপানী হ্ৰদত সাঁতুৰিবলৈ গৈ সন্ধানহীন গুৱাহাটীৰ যুৱক ৷ SDRFৰ সহায়ত সন্ধানহীন যুৱকজনৰ উদ্ধাৰ অভিযান চলাইছে চামগুৰি আৰক্ষীয়ে ৷

নীলাপানী হ্ৰদত সাঁতুৰিবলৈ গৈ সন্ধানহীন গুৱাহাটীৰ যুৱক
9 জনকৈ সতীৰ্থৰ সৈতে পুৱাৰ ভাগত বনভোজ খাবলৈ গৈছিল অসম কাৰ্বন নামৰ উদ্যোগটোত কৰ্মৰত যুৱকজন । সম্প্ৰতি চামগুৰি আৰক্ষীয়ে SDRFৰ সহায়ত সন্ধানহীন যুৱকজনৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক:কৃষি আইনক ৰাইজৰ মাজলৈ নিব বিজেপিয়ে