নিউজ ডেস্ক, 12 নৱেম্বৰঃ আজি দেশজুৰি উদযাপন কৰা হৈছে গুৰু নানকৰ 550তম্ জন্ম জয়ন্তী ৷ সমান্তৰালকৈ ৰাজ্যৰ ভিন ভিন স্থানৰ গুৰুদ্বাৰসমূহতো উলহ মালহেৰে জন্মজয়ন্তী উদযাপন কৰা হয় ৷ সেই উপলক্ষে ধুবুৰী গুৰুদ্বাৰতো দহ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা অখণ্ড পাঠ আজি সম্পন্ন কৰা হয় ৷ লগতে শিখ ধৰ্মৰ পৰম্পৰা অনুসৰি কীৰ্তন পাঠ কৰা হয় ৷ আনহাতে কেন্দ্ৰীয় চৰকাৰে পাঞ্জাৱৰ চুলতানপুৰৰ লগতে নগাঁৱতো গুৰুনানকৰ ৫৫০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা গুৰুনানকৰ জীৱন দৰ্শনৰ প্ৰদৰ্শনীৰো আজি সামৰণি পৰে ৷ চৰকাৰৰ এই পদক্ষেপৰ বাবে ধন্যাবাদ জ্ঞাপন কৰে নগাঁও গুৰুদ্বাৰ সমিতিয়ে ৷
ৰাজ্যজুৰি উদযাপন গুৰু নানকৰ 550তম্ জন্ম জয়ন্তী - Guru Nanak birth anniversary celebartion at nagon
দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো উলহ মালহৰে উদযাপন কৰা হয় গুৰু নানকৰ 550তম্ জন্ম জয়ন্তী ৷ ধুবুৰী, গোলাঘাট, নগাঁৱৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাচাওত বিভিন্ন কাৰ্যসূচীৰে গুৰুনানকৰ জয়ন্তী উদযাপন কৰা হয় ৷
![ৰাজ্যজুৰি উদযাপন গুৰু নানকৰ 550তম্ জন্ম জয়ন্তী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5040646-thumbnail-3x2-g.jpg)
কৰিমগঞ্জ জিলাত সীমান্ত সুৰক্ষা বাহিনীৰ গুৰুপূৰ্ণিমা উদযাপন ৷ কৰিমগঞ্জৰ 7নং বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত থকা গুৰুদ্বাৰত পূজাঅৰ্চনাৰ বাহিৰেও চহৰখনত থকা ষ্টীমাৰঘাট কেম্পত এক লংগৰৰ (মহাপ্ৰসাদ বিতৰণ) আয়োজন কৰা হয় ৷ য’ত সকলো ধৰ্মৰ জোৱানে একত্ৰিত ভাৱে প্ৰসাদ গ্ৰহণ কৰে ৷ ইয়াৰ উপৰিও গোলাঘাটতো উদযাপন কৰা হয় গুৰুনানকৰ 550তম্ জন্ম জয়ন্তী ৷ গোলাঘাটৰ বেঙেনাখোৱাত অৱস্থিত গুৰুদ্বাৰত উদযাপিত জন্ম জয়ন্তী অনুষ্ঠানত উপস্থিত থাকে অসমৰ কৃষি মন্ত্ৰী অতুল বৰা, খুমটাইৰ বিধায়ক মৃনাল শইকীয়াৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি ৷ আনহাতে, গোলাঘাটৰ বিজেপি নেতা জয়ন্ত গোস্বামীয়ে লংগৰৰ ৰুটি বনোৱাৰ লগতে ভোজন গ্ৰহণ কৰা বাচন-বৰ্তন পৰিস্কাৰ কৰি দিয়ে ৷
উল্লেখ্য যে, সমগ্ৰ দেশৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাচাওৰ সদৰ হাফলঙতো উদযাপন গুৰু নানকৰ জন্ম জয়ন্তী ৷ আজি ডিফুৰ গুৰুদ্বাৰ প্ৰাংগণত শিখ ধৰ্মাৱলম্বীৰ লোকসকল একত্ৰিত হৈ গুৰু নানকৰ নাম-কীৰ্তন কৰে ৷ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু সাংসদ হৰেণছিং বে ৷ লগতে হাফলঙত উপস্থিত থাকে হাফলং সেনাবাহিনীৰ 22 ছেক্টৰৰ ব্ৰিগেডিয়াৰ এইচ এছ সিন্ধুৰ লগতে কমাণ্ডেণ্ট ৰাজেন্দ্ৰ সিং ৰাৱত ৷