অসম

assam

ETV Bharat / state

নগাঁৱত গুৰু নানকৰ ৫৫০ তম জন্মজয়ন্তী পালন - গুৰু নানক

ভক্তিৰসত মুখৰিত নগাঁৱৰ গুৰুদ্বাৰ । তিনিদিনীয়া বাৰ্ণাঢ্য কাৰ্যসূচীৰে পালন গুৰু নানাকৰ ৫৫০ তম জন্মজয়ন্তী

নগাঁৱত গুৰু নানকৰ ৫৫০ তম জন্মজয়ন্তী

By

Published : Aug 25, 2019, 10:45 PM IST

নগাওঁ, 25 আগষ্ট : নগাওঁ চহৰৰ শিখ ধৰ্মাৱলম্বী লোকসকলৰ উপাসনাৰ একমাত্ৰ কেন্দ্ৰ নগাওঁ গুৰুদ্বাৰত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয় গুৰু নানকৰ ৫৫০ তম জন্মজয়ন্তী । সদৌ অসম শিখ ইয়ুথ এছ'চিয়েছন আৰু নগাওঁ গুৰুদ্বাৰ সমিতিৰ উদ্যোগত আয়োজিত গুৰু নানকৰ জন্মজয়ন্তী উৎসৱৰ সামৰণি পৰে দেওবাৰে ।

নগাঁৱত গুৰু নানকৰ ৫৫০ তম জন্মজয়ন্তী

গুৰু নানাকৰ জন্মজয়ন্তীৰ প্ৰথমদিনা নগাওঁ চহৰৰ মাজেৰে উলিওৱা হয় এক শোভাযাত্ৰা । আনহাতে উত্তৰ পূৰ্বাঞ্চল ভিত্তিত উলিওৱা শোভাযাত্ৰা শুক্ৰবাৰেই আহি উপস্থিত হয় নগাঁৱত। তিনিদিনীয়া কাৰ্যসূচীৰে শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা জন্ম জয়ন্তী উৎসৱ উপলক্ষে স্বচ্ছ ভাৰতৰ অভিযানৰ লগত সংগতি ৰাখি চাফাই অভিযানকে ধৰি বিভিন্ন কাৰ্যসূচী পালন কৰা হয় । সন্ধিয়া ফটকা আতচবাজিৰে উৎসৱ মুখৰ হৈ পৰে নগাওঁ চহৰ । নগাঁৱত অসম ভিত্তিত আয়োজিত এই জন্মজয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানত অসম, পাঞ্জাৱৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিখ ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে । সামৰণি অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক ৰূপক শৰ্মাও ।

ABOUT THE AUTHOR

...view details