নগাঁও, 19 নৱেম্বৰ : বৰ্তমান কৰ'ণা মহামাৰী সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক ষট পূজা উপলক্ষে নগাঁও জিলা প্ৰশাসনে কিছু নিৰ্দেশনা জাৰি কৰিছে।
ষট পূজাৰ বাবে নগাঁও জিলা প্ৰশাসনৰ নীতি নিৰ্দেশনা জাৰি
ষট পূজাস্থলীত সকলো ভক্তই সামাজিক দূৰত্ব আৰু মুখত মুখাবৰণ পিন্ধাটো বাধ্যতামূলক। ষট পূজা উপলক্ষে কোনোধৰণৰ সংস্কৃতিক অনুষ্ঠান আৰু মেলা অনুষ্ঠিত কৰিব নোবাৰিব । পূজাস্থলীত কোনোধৰণৰ অস্থায়ী দোকান দিব নোৱাৰিব।
এই অনুসৰি সকলো ভক্তই সামাজিক দূৰত্ব আৰু মুখত মুখাবৰণ পিন্ধাটো বাধ্যতামূলক। ষট পূজা উপলক্ষে কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান আৰু মেলা অনুষ্ঠিত কৰিব নোৱাৰিব । পূজাস্থলীত কোনোধৰণৰ অস্থায়ী দোকান দিব নোৱাৰিব। পূজা ঘাট সমূহত সামাজিক দূৰত্ব আৰু ক‘ভিড প্ৰটকল মানি এটা পৰিয়ালৰ ৫ জন সদস্যহে উপস্থিত থাকিব পাৰিব। পূজা আয়োজক কমিটি সমূহে পূজা ঘাট সমূহত স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব। কোনো কৰ'ণা লক্ষণযুক্ত ব্যক্তি পালে আয়োজক কমিটি সমূহে নিকটৱৰ্তী ক‘ভিড স্কেনিং চেণ্টাৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিব লাগিব।