নগাঁও, 11 ছেপ্তেম্বৰ: জন্মাষ্টমীৰ দিনটোত ৰাধা-কৃষ্ণৰ ৰূপত এজাক কনমানিৰ কলৰৱত মুখৰিত হ'ল বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গ্ৰাম্য পুথিভঁড়াল ৷ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে সংস্কাৰ ভাৰতী বটদ্ৰৱা শাখা, যুৱ ঐক্য মঞ্চ আৰু একল অভিযান বটদ্ৰৱাৰ যৌথ উদ্যোগত আয়োজিত ৰাধা-কৃষ্ণৰ সাজোন-কাচোন প্ৰতিযোগিতাত ভাগ লবলৈ অহা কণমানিহঁতৰ সাজোন কাচোনে যেন বৃন্দাবনলৈ ৰূপান্তৰিত কৰিলে শ্ৰীমন্ত শংকৰদেৱ গ্ৰাম্য পুথিভঁড়ালৰ প্ৰাংগন ৷
দৃষ্টিনন্দন সাজসজ্জাৰে ৰাধা-কৃষ্ণৰ ভাওত এজাক শিশু
জন্মাষ্টমীৰ দিনটোত ৰাধা-কৃষ্ণৰ সাজোন-কাচোন প্ৰতিযোগিতাত ভাগ লবলৈ আহিল এই সকল শিশু ৷
দৃষ্টিনন্দন সাজসজ্জাৰে ৰাধা-কৃষ্ণৰ ভাওত এজাক শিশু
জন্মাষ্টমীৰ দিনটোত বিয়লি বটদ্রৱাৰ শ্ৰীমন্ত শঙ্কৰগুৰু গ্ৰাম্য পুথিভঁড়ালৰ মুকলি মঞ্চত অনুষ্ঠিত ৰাধা-কৃষ্ণৰ সাজোন-কাচোন প্ৰতিযোগিতা খনি এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সাহিত্যিক দিলীপ কুমাৰ নাথে । লগে লগে ৰাধা-কৃষ্ণ ৰূপী এজাক কনমানিৰ কাকলিত মুখৰিত হল বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গ্ৰাম্য পুথিভঁড়াল।