নগাঁও , 11 মে':নগাঁৱত বিয়াৰ দিনাই আৰক্ষী থানাৰ দ্বাৰস্থ হ'ল কইনা ৷ দৰাই যৌতুক দাবী কৰাৰ অভিযোগেৰে কইনাই দাখিল কৰিলে এজাহাৰ ৷
যৌতুকেই কাৰণঃ হ'বলগীয়া বিয়াখন নহ'ল - দৰা
বঙাইগাঁৱৰ দৰা পক্ষই নগাঁৱৰ কইনা পছন্দ হোৱাৰ পাচতে 6 লাখ টকা মূল্যৰ সোণৰ গহনা দাবী কৰিছিল ৷ কইনা পক্ষ মান্তি হোৱাত বিয়াখন ঠিক হৈছিল ৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত দৰা পক্ষই পুনৰ আৰু 5 লাখ টকা দাবী কৰে ৷
জানিব পৰামতে বঙাইগাঁৱৰ দৰা পক্ষই নগাঁৱৰ কইনা পছন্দ হোৱাৰ পাচতে 6 লাখ টকা মূল্যৰ সোণৰ গহনা দাবী কৰিছিল ৷ কইনা পক্ষ মান্তি হোৱাত বিয়াখন ঠিক হৈছিল ৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত দৰা পক্ষই পুনৰ আৰু 5 লাখ টকা দাবী কৰে ৷
পিচে কইনাৰ ঘৰৰ ফালৰ পৰা দৰা ঘৰে দাবী কৰা ধন দিবলৈ অপাৰগ হোৱাত দৰা পক্ষই বিয়াখন বাতিল কৰে ৷ সেয়ে উপায়ন্তৰ হৈ নগাঁও আৰক্ষী থানাত কইনা পৰিয়ালে দৰা পৰিয়ালৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে ৷ ইতিমধ্যে নগাঁও সদৰ থানাত দৰাৰ বিৰুদ্ধে 1201/19 নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে ৷