অসম

assam

ETV Bharat / state

নগাঁৱত গ্ৰাম বিকাশ পৰিষদৰ নিচামুক্ত অভিযান - SP Anand Mishra on drugs

অসম আৰক্ষীয়ে ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই থকাৰ মাজতে নগাঁৱত আন এক সজাগতামূলক অনুষ্ঠান । গ্ৰাম বিকাশ পৰিষদ নামক বেচৰকাৰী সংস্থাই আয়োজন কৰিলে নিচামুক্ত অভিযান (Nasha Mukt Abhiyaan of Gram Vikas Parishad) শীৰ্ষক কাৰ্যসূচীৰ । অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ।

Gram Vikas Parishad
নগাঁৱত গ্ৰাম বিকাশ পৰিষদৰ নিচামুক্ত অভিযান

By

Published : Nov 26, 2021, 5:02 PM IST

নগাঁও, ২৬ নৱেম্বৰ :নগাঁৱৰ বেচৰকাৰী সংস্থা গ্ৰাম বিকাশ পৰিষদৰ উদ্যোগত আৰম্ভ হৈছে নিচামুক্ত অভিযান (Nasha Mukt Abhiyaan of Gram Vikas Parishad)। ভাৰত চৰকাৰে আৰম্ভ কৰা নিচামুক্ত অভিযানৰ অংশস্বৰূপে গ্ৰাম বিকাশ পৰিষদে আৰম্ভ কৰিছে এই নিচামুক্ত অভিযানৰ । গ্ৰাম বিকাশ পৰিষদৰ নিচামুক্ত অভিযানত নিচাযুক্ত দ্ৰৱ্য আৰু ব্যাধি চিনাক্তকৰণ, পৰামৰ্শ প্ৰদান, চিকিৎসা আৰু পুনৰ সংস্থাপন, আশ্ৰয়দান, সজাগতা প্ৰদান আদি কাৰ্যসূচী হাতত লোৱা হৈছে ।

গ্ৰাম বিকাশ পৰিষদৰ তত্বাৱধানৰ দায়িত্বত থকা চিৰাজ উদ্দিন আহমেদে কয় যে তেওঁলোকৰ কেন্দ্ৰত ২৩৪ গৰাকী নিচা সেৱনকাৰীৰ চিকিৎসা চলি আছে । ইয়াৰে ১৩৮ গৰাকী আৰক্ষীয়ে প্ৰেৰণ কৰাৰ লগতে ৫৬ গৰাকী নিচাযুক্ত দ্ৰৱ্য সেৱনকাৰীক অভিভাৱকে লৈ আহিছিল । এই সকলৰ ভিতৰত ১৭৩ গৰাকী সুস্থ হৈ উঠিছে । তেওঁলোকৰ ভিতৰত বহু কেইজনে বিভিন্ন স্থানত কৰ্ম সংস্থাপন লাভ কৰিছে ।

নগাঁৱত গ্ৰাম বিকাশ পৰিষদৰ নিচামুক্ত অভিযান

গ্ৰাম বিকাশ পৰিষদৰ বিষয়ববীয়া গৰাকীয়ে ড্ৰাগছ মুক্ত অসম গঢ়াৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা প্ৰচেষ্টাক প্ৰশংসা কৰে(Himanta Biswa Sarma on durgs free Assam)। তেওঁ নগাঁও জিলাৰ আৰক্ষী অধীক্ষককো প্ৰশংসা কৰি নগাঁও জিলাক নিচাযুক্ত কৰাৰ ক্ষেত্ৰত গ্ৰাম বিকাশ পৰিষদে সৰ্বতো প্ৰকাৰে সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ।

ইফালে অনুষ্ঠানত অংশগ্ৰহণ কৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । আৰক্ষী অধীক্ষকগৰাকীৰ মতে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যাপক অভিযান চলাই আছে । কিন্তু নিচাযুক্ত দ্ৰৱ্য সৰবৰাহ অথবা সেৱন কৰা ব্যৱস্থাটো ৰক্তবীজৰ দৰে । যিমানেই এনেধৰণৰ দুস্কাৰ্যৰ লগত জড়িত ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সিমানেই নতুন নতুন সৰবৰাহকাৰীৰ সৃষ্টি হৈছে বুলিও উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে(SP Anand Mishra on drugs) ।

আৰক্ষী বিষয়াগৰাকীৰ মতে নগাঁও জিলাৰ বটদ্ৰৱা, ধিং, কচুৱা, ৰূপহী, চামগুৰি আদি অঞ্চলৰ ভিতৰুৱা স্থানত নিচাযুক্ত দ্ৰৱ্য সেৱনকাৰী বা সৰবৰাহকাৰীৰ সংখ্যা অধিক । আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে অভিভাৱকে এই ক্ষেত্ৰত সন্তানৰ ওপৰত নজৰ দিয়া উচিত । কোন বন্ধুৰ লগত তেওঁলোকে ফুৰিছে, পিতৃ-মাতৃয়ে দিয়া ধন তেওঁলোকে ক'ত খৰচ কৰিছে এইবোৰ দিশ অভিভাৱকে চোৱা উচিত বুলিও কয় বিষয়া গৰাকীয়ে । আনহাতে, আৰক্ষী অধীক্ষকগৰাকীয়ে ড্ৰাগছ বিৰোধী যুদ্ধত আৰক্ষীক সহায় কৰিবলৈ ৰাইজক আহ্বান জনায় ।

লগতে পঢ়ক :সম্বৰ্ধনা জনাবলৈ যোৰহাটৰ পৰা পদযাত্ৰা বিজেপি কৰ্মীৰ

ABOUT THE AUTHOR

...view details