অসম

assam

By

Published : Jun 18, 2020, 10:12 PM IST

ETV Bharat / state

নগাঁৱত আইভেটি গাঁও পঞ্চায়তৰ সচিবক তৎকালীনভাৱে নিলম্বন

নগাঁও জিলাৰ দলংঘাট উন্নয়ণ খণ্ডৰ অধীনৰ আইভেটি গাঁও পঞ্চায়তৰ সচিব প্ৰবোধ নাথক তৎকালীন ভাৱে বলবৎ হোৱাকৈ নিলম্বন । ১০০০ টকীয়া অৰ্থ সাহায্য বিতৰনত আইভেটি গাঁও পঞ্চায়তত হোৱা খেলিমেলিৰ সম্পৰ্কত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ প্ৰতিবেদনৰ ভিত্তিত বিভাগৰ আয়ুক্ত হেমেন দাসে এই নিৰ্দেশ জাৰি কৰে ।

GP SECTY SUSPENDED AT NAGAON
GP SECTY SUSPENDED AT NAGAON

বটদ্ৰৱা, ১৮ জুন :নগাঁও জিলাৰ দলংঘাট উন্নয়ণ খণ্ডৰ অধীনৰ আইভেটি গাঁও পঞ্চায়তৰ সচিব প্ৰবোধ নাথক তৎকালীন ভাৱে বলবৎ হোৱাকৈ নিলম্বন কৰিছে । খাদ্য সুৰক্ষা কাৰ্ড নথকা গ্ৰাম্য দুখীয়া পৰিয়াললৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত প্ৰদান কৰি থকা ১০০০ টকীয়া অৰ্থ সাহায্য বিতৰনত আইভেটি গাঁও পঞ্চায়তত হোৱা খেলিমেলিৰ সম্পৰ্কত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ প্ৰতিবেদনৰ ভিত্তিত বিভাগৰ আয়ুক্ত হেমেন দাসে এই নিৰ্দেশ জাৰি কৰে ।

নগাঁৱত আইভেটি গাঁও পঞ্চায়তৰ সচিবক তৎকালীনভাবে নিলম্বন

উল্লেখযোগ্য যে, লক্ ডাউনৰ সময়ত খাদ্য সুৰক্ষা কাৰ্ড নথকা ৪ লাখ ১৮ হাজাৰ ১৮৩ টা গ্ৰাম্য দুখীয়া পৰিয়াললৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এই ধন ৰাশি প্ৰদান কৰিছিল।

নগাঁৱত আইভেটি গাঁও পঞ্চায়তৰ সচিবক তৎকালীনভাবে নিলম্বন

লগতে পঢ়ক : ধুবুৰীৰ উপায়ুক্ত সহ উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ নমুনা সংগ্ৰহ

ABOUT THE AUTHOR

...view details