অসম

assam

ETV Bharat / state

Demolition of school buildings: নগাঁও-শোণিতপুৰৰ চৰাঞ্চলৰ চৰকাৰী বিদ্যালয়ত হাতুৰীৰ কোব

নগাঁও আৰু শোণিতপুৰ জিলাৰ চৰাঞ্চলৰ চৰকাৰী শিক্ষানুষ্ঠানত হাতুৰীৰ কোব (Govt demolished government school buildings) । কোনে আৰু কিয় ভাঙিছে চৰকাৰী বিদ্যালয় ? ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ ।

By

Published : Feb 11, 2023, 10:39 PM IST

Consolidation of govt schools in rural areas of Nagaon And Sonitpur district
বন্ধ হৈ পৰিল নগাঁও-শোণিতপুৰ চৰ-চাপৰি অঞ্চলৰ সাতখনকৈ চৰকাৰী শিক্ষানুষ্ঠান

বন্ধ হৈ পৰিল নগাঁও-শোণিতপুৰ চৰ-চাপৰি অঞ্চলৰ সাতখনকৈ চৰকাৰী শিক্ষানুষ্ঠান

নগাঁও, 11 ফেব্ৰুৱাৰী: সন্মুখত বছেৰেকীয়া পৰীক্ষা । বছেৰেকীয়া পৰীক্ষাৰ প্ৰাকক্ষণত বহু বিদ্যালয়ত পূৰ্ণগতিত চলিছে পাঠদান । কিন্তু বছেৰেকীয়া পৰীক্ষাৰ প্ৰাকক্ষণত নগাঁও আৰু শোণিতপুৰ জিলাৰ চৰাঞ্চলৰ কেইবাখনো বিদ্যালয়ত পৰিছে হাতুৰীৰ কোব (School buildings in Char area of Nagaon and Sonitpur demolished) । যাক লৈ জিলা দুখনৰ সীমামূৰীয়া চৰ-চাপৰি অঞ্চলৰ সাতখনকৈ চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকসকলৰ মাজত সম্প্ৰতি বিৰাজ কৰিছে এক হাহাকাৰ পৰিস্থিতিৰ ।

কাৰণ ১০ ফেব্ৰুৱাৰীৰ পৰা সম্পূৰ্ণকৈ বন্ধ হৈ পৰিল এই সাতখনকৈ শিক্ষানুষ্ঠান । প্ৰাপ্ত তথ্য অনুসৰি শোণিতপুৰ জিলাৰ গাভৰু শিক্ষাখণ্ডৰ অন্তৰ্গত চৰ চাপৰি অঞ্চলৰ এই শিক্ষানুষ্ঠান কেইখন হ’ল পশ্চিম লাঠিমাৰী চৰ এল পি স্কুল, গণেশ টাপু এল পি স্কুল, পূৱ লাঠিমাৰী চৰ এল পি, বাঘাটাপু এল পি স্কুল, গনন্দেৰডুবা এল পি, নৱোদয় এল পি আৰু চিচুগানিতিক এল স্কুল ।

গাভৰু শিক্ষা খণ্ড‌ই যোৱা ৭ ফেব্ৰুৱাৰীত জাৰি কৰা SSA/SUNIT/Gabharu/GEN-COREES/2015-16/3814 নম্বৰৰ এক জাননী মৰ্মে অহা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত উল্লেখিত বিদ্যালয়কেইখনৰ যাৱতীয় আচবাব, সা-সামগ্ৰী, নথি-পত্ৰ আদি দাতিকাষৰীয়া আন বিদ্যালয়লৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছে । যাৰ ফলত শনিবাৰৰ পৰা বন্ধ হৈ পৰে সম্পূৰ্ণ পাঠদান প্ৰক্ৰিয়া (Teaching process stopped in Char Area of Nagaon and sonitpur) ।

উল্লেখ্য যে লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ বেদখলকৃত বনভূমিত উচ্ছেদ চলোৱা হ’ব (Eviction in Bura Chapori Wildlife Sanctuary) । এই উচ্ছেদৰ পৰা সাৰি নাযায় শিক্ষানুষ্ঠানৰ লগতে অন্যান্য চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানো । যাৰ বাবে শিক্ষা বিভাগৰ এই নিৰ্দেশ । এইদৰে শিক্ষানুষ্ঠান কেইখন সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ পিছত আগন্তুক বছেৰেকীয়া পৰীক্ষালৈ মাজত মাথো কেইটামান দিন থকাৰ প্ৰাকমূহুৰ্তত ছাত্ৰ-ছাত্ৰী সকলে কেনেকৈ, ক’ত পাঠদান কৰিব তাক লৈ চিন্তাত পৰিছে অভিভাৱক সকল ।

সেয়ে আগন্তুক বছেৰেকীয়া পৰীক্ষা পৰ্যন্ত উক্ত শিক্ষানুষ্ঠানসমূহত পাঠদানৰ ব্যৱস্থা কৰাৰ লগতে আগন্তুক বছৰেকীয়া পৰীক্ষাটো সুকলমে অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন মহলে চৰকাৰক দাবী জনাইছে । বিদ্যালয়সমূহ বন্ধ কৰাৰ নিৰ্দেশৰ পিছত এতিয়া বহুতেই টুকিছে চকুলো ।

ইপিনে, উচ্ছেদৰ জাননী প্ৰেৰণৰ পিছতেই বৃহত্তৰ অঞ্চলসমূৰ বহু পৰিয়ালৰ মাজত সৃষ্টি হৈছে একেই হাহাকাৰ পৰিস্থিতিৰ । উচ্ছেদৰ পূৰ্বই ইতিমধ্যে বহুতেই নিজৰ ঘৰ দুৱাৰ ভাঙি ঢাপলি মেলিছে অন্যান্য স্থানলৈ । আনহাতে বান খহনীয়াত মাটি ভেটি হেৰুৱা বহু পৰিয়াল এতিয়া আশ্ৰয়ৰ অভাৱত কৰিবলগীয়া হৈছে হাহাকাৰ ।

লগতে পঢ়ক:Nutritional status in Assam: ৰাজ্যত ৰক্ত আৰু পুষ্টিহীনতাত ভোগা শিশু মহিলাৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি

For All Latest Updates

ABOUT THE AUTHOR

...view details