অসম

assam

ETV Bharat / state

ৰাজ্যপাল জগদীশ মুখীয়ে উদ্ধোধন কৰিলে গোলাপ গোশালাৰ "গোপাষ্টমী মেলা" - ৰাজ্যপাল জগদীশ মুখীয়ে উদ্ধোধন কৰিলে গোলাপ গোশালাৰ "গোপাষ্টমী মেলা"

ভৱিষ্যতে গৰুৰ গাখীৰতকৈ মূল্যৱান হ'ব গোমূত্ৰ। নগাঁৱৰ গোপাল গোশালাত গোপাষ্টমী মেলাৰ উদ্বোধন কৰি এই মন্তব্য ৰাজ্যপাল জগদীশ মুখীৰ। উক্ত উদ্ধোধনী অনুষ্ঠানত হোৱা গোপূজাতো ভাগ লয় ৰাজ্যপাল মুখীৰ লগতে পত্নী প্ৰেম মুখী আৰু মন্ত্ৰী কেশৱ মহন্তই ৷

নগাঁও

By

Published : Nov 3, 2019, 10:22 PM IST

Updated : Nov 3, 2019, 11:34 PM IST

নগাঁও, 3 নৱেম্বৰ: দেওবাৰে নগাঁও জিলাৰ কাষৰীয়া অঞ্চল মাজৰআটিস্থিত গোলাপ গোশালাৰ নৱনিৰ্মিত প্ৰৱেশদ্বাৰ, ভৱনৰ লগতে গোপাষ্টমী মেলা উদ্ধোধনীকৰে ৰাজ্যপালজগদীশ মুখীয়ে ৷ এই উদ্ধোধনী অনুষ্ঠানত ৰাজ্যপালগৰাকীৰ স'তে উপস্থিত থাকে তেওঁৰ পত্নী প্ৰেম মুখী, জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তি ৷ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যপাল মুখীয়ে গো পালন, গৰুৰ যতন, গোমূত্ৰৰ উপকাৰীতাৰ বিষয়ে জনোৱাৰ লগতে ভৱিষ্যতে গাখীৰতকৈ গোমূত্ৰ অধিক মূল্যৱান হ'ব বুলিও মন্তব্য কৰে ৷

"গোপাষ্টমী মেলা" উদ্ধোধন

উল্লেখ্য যে, সপ্তাহত তিনিদিন গোলাপ গোশালাত পশু চিকিৎসকে সেৱা আগবঢ়োৱাৰ লগতে চৰকাৰে গোশালাটোলৈ সহায়- সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই ৷

Last Updated : Nov 3, 2019, 11:34 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details