ৰহা, 3 নৱেম্বৰ : এইবাৰ চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে চৰকাৰী গাঁও প্ৰধান সন্থাৰ ক্ষোভ । গাঁও প্ৰধানসকলৰ মাননী 27 হাজাৰ পাঁচশ টকালৈ বৃদ্ধি কৰাৰ লগতে শীঘ্ৰে অৱসৰপ্ৰাপ্ত গাঁও প্ৰধানসকলক 10 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰিবলৈ গাঁও প্ৰধান সন্থাই দাবী উত্থাপন কৰে ৷ অন্যথা অচিৰেই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰে । বৃহস্পতিবাৰে বিয়লি ৰহাত অনুষ্ঠিত ৰহা চক্ৰৰ গাঁও প্ৰধান সন্থাৰ এক সভাত এই কথা সদৰী কৰে নগাঁও জিলা গাঁও প্ৰধান সন্থাই।
ৰহা চক্ৰ গাঁও প্ৰধান সন্থাৰ উদ্যোগত অনুষ্ঠিত সভাত সাংবাদিকৰ আগত মন্তব্য কৰি নগাঁও জিলা গাঁও প্ৰধান সন্থাই কয় যে, গাঁও প্ৰধানসকলৰ এতিয়া বহুত কাম। কিন্তু চৰকাৰে মাননী দিয়ে মাহত মাত্ৰ 9 হাজাৰ টকা।
এই টকাৰে ঘৰ-সংসাৰ চলোৱা, ল'ৰা-ছোৱালী পঢ়া-শুনাৰ খৰছ আদি সম্ভৱ নহয়। তাৰ মাজতো গাঁও প্ৰধানসকলে নিজৰ কাম নিয়াৰিকৈ কৰি চৰকাৰ তথা ৰাইজক সেৱা আগবঢ়াই আহিছে। সেয়ে সন্থাই কৰ্মৰত গাঁও প্ৰধানসকলৰ মাননী 27 হাজাৰ পাঁচশ টকালৈ বৃদ্ধি কৰাৰ লগতে অৱসৰ লোৱা গাঁও প্ৰধানসকলক বৃদ্ধ বয়সত চলিবলৈ 10 লাখ টকাৰ এককালীন সাহায্য দিবলৈ চৰকাৰক দাবী জনাই আহিছে ৷