অসম

assam

By

Published : Jun 15, 2021, 10:13 AM IST

ETV Bharat / state

বঢ়মপুৰত কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰী নিৰ্দেশনাক ভেঙুচালিৰ অভিযোগ

ৰাজ্যত বৰ্তমান ক'ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাত ৰাজ্য চৰকাৰে এক নিৰ্দেশনাৰ জৰিয়তে সোমবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পঞ্চাশ শতাংশ কৰ্মচাৰীৰ উপস্থিতিত কাৰ্যালয়সমূহ খোলাৰ নিৰ্দেশ জাৰি কৰে ৷ এই নিৰ্দেশনাক অৱমাননা কৰিলে বঢ়মপুৰ উন্নয়ন খণ্ডৰ কৰ্মচাৰীসকলে ৷

government-order-neglected-by-government-employee-at-barhampur
বঢ়মপুৰত চৰকাৰী নিৰ্দেশনাক ভেঙুচালি চৰকাৰী কৰ্মচাৰীৰ

চামগুৰি,15 জুন :ৰাজ্যত অব্যাহত থকা ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে নগাঁও জিলাৰ বঢ়মপুৰত চৰকাৰী নিৰ্দেশনাক ভেঙুচালি একাংশ চৰকাৰী-কৰ্মচাৰীৰ ৷ উল্লেখ্য যে, ক'ভিড-19 ৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে দীৰ্ঘদিন ধৰি কাৰ্যালয়সমূহ বন্ধ ৰাখিছিল ৷ কিন্তু ৰাজ্যত বৰ্তমান ক'ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাত ৰাজ্য চৰকাৰে পুনৰ এক নিৰ্দেশনাৰ জৰিয়তে সোমবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পঞ্চাশ শতাংশ কৰ্মচাৰীৰ উপস্থিতিত কাৰ্যালয়সমূহ খোলাৰ নিৰ্দেশ জাৰি কৰে ৷

বঢ়মপুৰত কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰী নিৰ্দেশনাক ভেঙুচালিৰ অভিযোগ

চৰকাৰে জাৰি কৰা এই নিৰ্দেশনাক অৱমাননা কৰাৰ অভিযোগ উত্থাপিত হৈছে বঢ়মপুৰস্থিত উন্নয়ন খণ্ডৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে ৷ এক দীঘলীয়া বন্ধৰ পাছত কাৰ্যালয় খোলাৰ পাছতো সোমবাৰে দিনটোত ক্ষেত্ৰ পৰিদৰ্শনৰ অজুহাত দেখুৱাই গৰিষ্ঠসংখ্যক কৰ্মচাৰীয়ে কাৰ্যালয়ত উপস্থিত নাথাকিল ৷ এই ঘটনাই ভবাই তুলিছে সচেতন ৰাইজক ৷ চৰকাৰী কাৰ্যালয়ত গঢ় লোৱা এনে অপসংস্কৃতি বন্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় সচেতন ৰাইজে ৷

লগতে পঢ়কঃব’ৰ্ডৰ পৰীক্ষাত কৰ’ণাৰ বাধা: ত্ৰিপুৰাত JEE পৰীক্ষা স্থগিত

ABOUT THE AUTHOR

...view details