নগাঁও,৪ ফেব্ৰুৱাৰী:নগাঁও জিলাৰ ধিঙৰ সোনাৰী গাৱঁত অনুষ্ঠিত হৈছে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ষষ্ঠদশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস । সমন্বয়ৰ বাৰ্তা লৈ অনুষ্ঠিত হোৱা এই প্ৰতিষ্ঠা দিৱসত উখল-মাখল পৰিবেশে বিৰাজ কৰা দেখিবলৈ পোৱা যায় ।
গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস
ধিঙত অনুষ্ঠিত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ষষ্ঠদশ কেন্দ্রীয় প্ৰতিষ্ঠা দিৱস । দিৱসৰ লগত সংগতি ৰাখি উলিওৱা শোভাযাত্ৰাত অংশগ্ৰহণ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ ।
গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস
প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে পুৱাই এক সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হয় । এই শোভাযাত্ৰাত ৰাজ্য়ৰ ভিন্ন প্ৰান্তৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে । ইফালে উদ্যোগতাই জনোৱা মতে বিভিন্ন সময়ত বঞ্চিত হোৱা তিনিটা জনগোষ্ঠীৰ সৰ্বাঙ্গীন উন্নয়ণৰ লক্ষ্যৰে এই প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হৈছে ।
লগতে পঢ়ক:ডিব্ৰুগড়ৰ লেকাইস্থিত ছলিড ৱেষ্ট প্লাণ্ট পৰিদৰ্শন উপায়ুক্তৰ