বঢ়মপুৰ,10 ফেব্ৰুৱাৰী: নগাঁৱৰ কামপুৰৰ ৰাজপথত বনকৰ্মীৰ বিৰুদ্ধে গুণ্ডাৰাজৰ অভিযোগ ৷ চালান থকাৰ পাচতো ট্ৰাক ড্ৰাইভাৰক হাৰাশস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে বনকৰ্মীৰ বিৰুদ্ধে ৷ মঙলবাৰে নিশা কামপুৰৰ তেতেলিসৰাত 8 খন শিল ভৰ্তি ডাম্পাৰক ৰাজপথত ৰখাই অভিযান চলাইছিল বনকৰ্মীৰ এটা দলে । কিন্তু বৈধ্য চালান থকাৰ পাছতো ডাম্পাৰ কেইখন ৰখাই হাৰাশাস্তি কৰে বনকৰ্মীৰ দলটোৱে ৷
কামপুৰ ৰাজপথত বনকৰ্মীৰ বিৰুদ্ধে গুণ্ডাৰাজৰ অভিযোগ - Kampur highway
মঙলবাৰে নিশা কামপুৰৰ তেতেলিসৰাত 8 খন শিল ভৰ্তি ডাম্পাৰক ৰাজপথত ৰখাই হাৰাশস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে বনকৰ্মীৰ বিৰুদ্ধে ৷ গড়কাপ্তানী বিভাগৰ পথ নিৰ্মাণৰ কামৰ বাবে ডাম্পাৰেৰে কলিয়াবৰৰ বালোঘাটৰ পৰা কঢ়িয়াই আনিছিল শিল।
![কামপুৰ ৰাজপথত বনকৰ্মীৰ বিৰুদ্ধে গুণ্ডাৰাজৰ অভিযোগ কামপুৰ ৰাজপথত বনকৰ্মীৰ বিৰুদ্ধে গুণ্ডাৰাজৰ অভিযোগ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10566452-thumbnail-3x2-bgvh.jpg)
কামপুৰ ৰাজপথত বনকৰ্মীৰ বিৰুদ্ধে গুণ্ডাৰাজৰ অভিযোগ
কামপুৰ ৰাজপথত বনকৰ্মীৰ বিৰুদ্ধে গুণ্ডাৰাজৰ অভিযোগ
কিছু সময় পাচত বাতৰি সংগ্ৰহৰ বাবে অভিযানস্থলীত সাংবাদিক উপস্থিত হোৱাত গাড়ীৰ চালান লৈ পলায়ন কৰে বনকৰ্মীৰ দলটোৱে । গড়কাপ্তানী বিভাগৰ পথ নিৰ্মাণৰ কামৰ বাবে 8খন ডাম্পাৰেৰে কলিয়াবৰৰ বালোঘাটৰ পৰা শিল কঢ়িয়াই আনিছিল। কিন্তু আদবাটতে গাড়ী কেইখন ৰখাই বন কৰ্মীৰ দলটোৱে ৷ ঘটনা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত চালান উভতাই দিবলৈ বাধ্য হয় বনকৰ্মী সকলে ৷
কামপুৰ ৰাজপথত বনকৰ্মীৰ বিৰুদ্ধে গুণ্ডাৰাজৰ অভিযোগ