নগাঁও, ৯ এপ্ৰিল: ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে শিপিনীসকলৰ বাবে বিভিন্ন আঁচনি হাতত লৈ আহিছে । ইয়াৰ মাজতে কলিয়াবৰৰ মহিলা সকললৈ আন এক আশাৰ বতৰা । নগাঁও জিলাৰ কলিয়াবৰৰ কাঞ্চনজুৰিত 'গল্ডেন থ্ৰেড্চ' (Golden Threads)ৰ উদ্যোগত এটি বয়ন শিল্পৰ উৎপাদন কেন্দ্ৰ স্থাপন কৰা হয় ।
কলিয়াবৰত বয়ন শিল্পৰ উৎপাদন কেন্দ্ৰ স্থাপন - 'গল্ডেন থ্ৰেড্চ' \
কলিয়াবৰৰ মহিলালৈ আশাৰ বতৰা । নগাঁও জিলাৰ কলিয়াবৰ কাঞ্চনজুৰিত 'গল্ডেন থ্ৰেড্চ' (Golden Threads)ৰ উদ্যোগত এটি বয়ন শিল্পৰ উৎপাদন কেন্দ্ৰ স্থাপন ৷
কলিয়াবৰত বয়ন শিল্পৰ উৎপাদন কেন্দ্ৰ স্থাপন
এই কেন্দ্ৰটোৱে মহিলা সকলক প্ৰদান কৰিছে আত্ম-নিৰ্ভৰশীলতাৰ আন এক পথ । বয়ন শিল্পৰ লগত জড়িত হৈ স্বাৱলম্বী হৈছে কলিয়াবৰৰ প্ৰায় ৫০ গৰাকী শিপিনী । উদ্যোগটোত ৰাজ্যৰ হস্ততাঁত আৰু বয়ন বিভাগৰ সহযোগত বয়ন শিল্পৰ লগতে পাট-মূগা কপোৰত প্ৰাকৃতিকভাৱে ৰং দিয়াৰ কলাৰো প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে । ইতিমধ্যে স্থানীয় মহিলাসকলৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গল্ডেন থ্ৰেড্চ ।