অসম

assam

ETV Bharat / state

স্বামীৰ কুকীৰ্তি ঢাকিবলৈ মাতৃয়ে গৰ্ভপাত কৰালে নিজ কন্যাক

গাওঁবাসীৰ দাবী গাওঁখনৰ পৰা উচ্ছেদ কৰিব লাগে কিশোৰীগৰাকীৰ মাতৃক ৷

নিজ কন্যাক বাধ্য কৰালে গৰ্ভপাত কৰিবলৈ

By

Published : Aug 8, 2019, 8:55 PM IST

Updated : Aug 8, 2019, 9:54 PM IST

নগাঁও, 8 আগষ্টঃ স্বামীৰ কুকীৰ্তি ঢাকিবলৈ মাতৃৰ অপকৰ্ম ৷ নিজ কন্যাক বাধ্য কৰালে গৰ্ভপাত কৰিবলৈ ৷ কেতিয়াও ক'তো নোহোৱা এক ঘটনা ৷ ঘটনাৰ স্থান নগাঁও ৷ সতীয়া পিতৃৰ হাতত সৰ্বস্ব হেৰুৱা এগৰাকী কিশোৰীৰ ঘটনাক গাপ দিবলৈ মাতৃয়ে কৰিলে নিকৃষ্ট কাৰ্য ৷ নগাঁৱত সংঘটিত গৰ্ভপাতৰ ক'লা অধ্যায়ে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ৷ সতীয়া পিতৃৰ কামনাৰ বলি হৈ অবৈধ মাতৃত্বৰ বোজা কঢ়িয়াবলগীয়া হৈছে এগৰাকী কিশোৰীয়ে ৷ এই জঘন্য ঘটনা গাপ দিয়াৰ চেষ্টাত মাতৃয়ে সংঘটিত কৰিলে আন এক জঘন্য কাণ্ড। লম্পট স্বামীৰ কুকীৰ্তি ঢাকিবলৈ মাতৃয়ে অবিবাহিত কন্যাক সেন্দুৰ পিন্ধাই লৈ যায় চিকিৎসকৰ কাষলৈ ৷ নগাঁৱৰ পুৰণা জি ডি নাৰ্ছিং হোমৰ জনৈক শইকীয়া নামৰ চিকিৎসকজনৰ দ্বাৰা গৰ্ভপাত কৰোৱা হয় কন্যাৰ ৷ পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে গাঁওবাসীৰ লগত বিষয়টো সন্দৰ্ভত আলোচনা কৰাত ফাদিল হয় আচল ৰহস্য ৷ লগে লগে স্থানীয় ৰাইজৰ সহায়ত আৰক্ষীৰ হাতত পৰে অভিযুক্ত ৷

মাতৃয়ে গৰ্ভপাত কৰালে নিজ কন্যাক
Last Updated : Aug 8, 2019, 9:54 PM IST

ABOUT THE AUTHOR

...view details