নগাঁও,11 চেপ্তেম্বৰ: ধাৰাবাহিক অপৰাধজনিত ঘটনাই এতিয়া শীৰ্ষস্থান দখল কৰিছে নগাঁও জিলা বটদ্ৰৱা। বটদ্ৰৱা আৰক্ষী থানাৰ এলেকাধীন অঞ্চলসমূহ পৰিণত হৈছে অপৰাধীৰ ৰম্যভুমিলৈ। জীৱনৰ চৰম নিৰাপত্তাহীনতাত ভুগিছে বটদ্ৰৱা থানাৰ এলেকাধীন অঞ্চলসমূহৰ সৰ্বসাধাৰণ ৰাইজ ৷ বটদ্ৰৱাৰ ৰামপুৰত এগৰাকী কিশোৰীক অপহৰণ কৰি পাঁচদিনৰ পিছত অপহৰণকাৰীয়ে আৰক্ষী থানাৰ সন্মুখত এৰি থৈ যায় কিশোৰীগৰাকীক ৷
বটদ্ৰৱাত অপহৰণৰ 5 দিন পিছত আৰক্ষী চকীৰ সন্মুখত উদ্ধাৰ অপহৃতা - বটদ্ৰৱাৰ ৰামপুৰত কিশোৰী অপহৰণ
বটদ্ৰৱাৰ ৰামপুৰত কিশোৰী অপহৰণ । পাঁচদিনৰ পাছত অপহৰণকাৰীয়ে আৰক্ষী থানাৰ সন্মুখত এৰি থৈ গ'ল অপহৃতাক ৷
ৰামপুৰ সত্ৰ গাঁৱৰ দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰী এগৰাকীক যোৱা ৭ ছেপ্তেম্বৰৰ দিনা নিজ ঘৰৰ পদুলিৰ পৰাই ৰামপুৰ সত্ৰৰ আলাল উদ্দিনৰ পুত্ৰ মঞ্জিৰুল হক নামৰ যুৱকজনৰ নেতৃত্বত এটি দুৰ্বৃত্তৰ দলে অপহৰণ কৰি লৈ যায় ৷ পিছত নাবালিকা গৰাকীৰ দৰিদ্ৰ পিতৃ-মাতৃয়ে বহুত বিচাৰ খোচাৰ কৰি নিজ সন্তানৰ কোনো শুংসূত্ৰ নাপাই অৱশেষত বটদ্ৰৱা আৰক্ষীৰ কাষ চাপে ৷ কিন্তু ৰহস্যজনক ভাৱে পাঁচ দিনৰ পাছত হঠাৎ কিশোৰীগৰাকীক অপহৰণকাৰীয়ে বটদ্ৰৱা আৰক্ষী থানাৰ সন্মুখত এৰি থৈ যায় ৷ পাঁচ দিনৰ পাছত বুধবাৰে হঠাৎ কিশোৰী গৰাকীক দেখি শোকত ভাগি পৰে কিশোৰীগৰাকীৰ পিতৃ-মাতৃ ৷ পিতৃ থানাৰ ভিতৰতে কান্দি কান্দি মূৰ্ছা যায়।
ঘটনা সংক্ৰান্তত বটদ্ৰৱা আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নেও গভীৰ উদ্বেগ প্ৰকাশ কৰি যুৱকজনক ২৪ ঘন্টাৰ ভিতৰত কৰায়ত্ব কৰাৰ দাবী জনাইছে ৷