অসম

assam

ETV Bharat / state

বটদ্ৰৱাত কিশোৰীক ধৰ্ষণৰ অপচেষ্টা, নিৰ্বিকাৰ বৰদোৱা আৰক্ষী! - Police don't take any Action being FIR lodged by the Victim

নাৰী নিৰ্যাতনৰ ঘটনাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে নগাঁও জিলাই ৷ অপৰাধৰ শীৰ্ষস্থান দখল কৰা নগাঁও জিলাৰ আৰক্ষী ব্যৰ্থ হৈছে অপৰাধ নিয়ন্ত্ৰণত ৷ যাৰ বাবে জিলাখনত পুনৰ নাৰীজনিত অপৰাধৰ বলি হয় এগৰাকী কিশোৰী ৷

এজাহাৰৰ প্ৰতিলিপি

By

Published : Oct 29, 2019, 2:43 PM IST

Updated : Oct 29, 2019, 2:53 PM IST

বটদ্ৰৱা,29 অক্টোবৰঃনাৰী নিৰ্যাতনৰ ঘটনাত শীৰ্ষস্থান দখল কৰিছে নগাঁও জিলাই ৷ ৰাইজৰ অভিযোগ, আৰক্ষীৰ দুৰ্বল আৰু সোপাধিলা পদক্ষেপৰ বাবে জিলাখনত সংঘটিত হৈছে ইটোৰ পিচত সিটো অপৰাধ ৷ শেহতীয়াকৈ জিলাখনৰ বটদ্ৰৱাত পুনৰ নাৰীজনিত অপৰাধৰ ঘটনা পোহৰলৈ আহিছে ৷ কিন্তু আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে খোদ ভুক্তভোগী যুৱতীগৰাকীয়ে ৷

ধৰ্ষণৰ বলি ভুক্তভোগী কিশোৰী

লগতে পঢ়কঃ কাকপথাৰত যৌতুকৰ বাবে নিজ গৃহ জ্বলালে স্বামীয়ে

বটদ্ৰৱাৰ আছিকুল ইছলাম নামৰ যুৱকজনৰ বিৰুদ্ধে ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী কিশোৰীয়ে ৷ বিগত বৰ্ষত জাকিৰ হুছেইন নামৰ লোকজনে জিলাখনত এগৰাকী যুৱতীক প্ৰথমে ধৰ্ষণ কৰে আৰু পিচত জীৱন্তে জ্বলাই দিয়াৰ ঘটনা মাৰ নৌযাওতেই পুনৰ পোহৰলৈ আহিছে আন এক ধৰ্ষণৰ ঘটনা ৷ ভুক্তভোগী যুৱতীগৰাকীক বলপূৰ্বকভাৱে প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ লগতে ভয় আৰু ভাবুকিৰে ঘৰত কোনো নথকাৰ সুযোগত ধৰ্ষণৰ অপচেষ্টা চলায় আছিকুলে ৷ ইমানতে ক্ষান্ত নাথাকি উক্ত কাণ্ডত বাধা প্ৰদান কৰা কিশোৰীগৰাকীৰ পিতৃকো আক্ৰমণ কৰে আছিকুলে ৷ আনহাতে সমগ্ৰ ঘটনা পোহৰলৈ অহাত ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালটোৰ পৰা ওলোটাই 10,000 টকা দাবী কৰে মান্ধাতাকলীয়া সমাজে ৷ সমগ্ৰ ঘটনাৰ বিৰুদ্ধে কিশোৰীগৰাকীয়ে বৰদোৱা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যদিও বৰ্তমানলৈ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে কিশোৰীগৰাকীয়ে ৷

বৰ্তমানে আনৰ গৃহত আশ্ৰয় লৈ থকা কিশোৰীগৰাকীক শীঘ্ৰেই ন্যায় প্ৰদান কৰাৰ লগতে আছিকুলক শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে বিভিন্ন দল-সংগঠনে ৷

Last Updated : Oct 29, 2019, 2:53 PM IST

ABOUT THE AUTHOR

...view details