নগাঁও মেডিকেল কলেজত ভূত ! নগাঁও, ২০ ছেপ্টেম্বৰ: বিগত কিছুদিন ধৰিয়েই সামাজিক মাধ্যমত এটা খবৰ ওলাইছে । ওলাইছে নগাঁও মেডিকেল কলেজত ভূতৰ খবৰ । সামাজিক মাধ্যমত ইতিমধ্যেই ভাইৰেল হৈ পৰা এটা ভিডিঅ’ক লৈ চলিছে ব্যাপক চৰ্চা । এই ভিডিঅ’টোত দেখা গৈছে কোঠাৰ ভিতৰতে থকা এটা কাঠৰ ঘোঁৰা । নিজে নিজেই লৰচৰ কৰিছে কাঠৰ ঘোঁৰাটো । নিজে নিজে চলি গৈছে এই কাঠৰ ঘোঁৰা ।
এই ভিডিঅ’ই এতিয়া খলকনি তুলিছে সামাজিক মাধ্যমত । পিছে সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’ কিমান সঁচা ? বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দ্ৰুত অগ্ৰগতিৰ সময়ত মেডিকেল কলেজত ভূত ওলোৱা খবৰে স্তম্ভিত কৰি তুলিছে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক । একাংশ দুষ্ট চক্ৰই চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰতি ৰাইজৰ আস্থা হ্ৰাস কৰাৰ বাবেই এই ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগ অধ্যক্ষ ড৹ মিহিৰ কুমাৰ গোস্বামীৰ ।
নগাঁও মেডিকেল কলেজৰ বিশাল চৌহদত নিশালৈকে কাম কৰিও আজি পৰ্যন্ত কোনো আচহুৱা পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হোৱা নাই বুলিও উল্লেখ কৰে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ মিহিৰ কুমাৰ গোস্বামীয়ে ৷ চিকিৎসা মহাবিদ্যালয়খনৰ আন আন কৰ্মচাৰীয়েও এই ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন হোৱাৰ তথ্য বৰ্তমানলৈ তেওঁ লাভ কৰা নাই বুলি জানিবলৈ দিয়ে ৷
উল্লেখযোগ্য যে, হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী থাকোতে চলা বজৰং অপাৰেচনৰ সময়ত বহু নিৰপৰাধী যুৱকক আলফা সজাই হত্যা কৰি ম'হখুলিৰ এই স্থানতে পুতি থোৱা বুলিও চর্চা চলিছে । সেইসকল যুৱকৰ প্ৰেতাত্মাই এতিয়াও ম'হখুলিৰ মেডিকেল কলেজত বিচৰণ কৰে বুলি দুষ্টচক্ৰই কৰা অপপ্ৰচাৰক নস্যাৎ কৰিছে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই । এয়া এক উৰাবাতৰি বুলি উল্লেখ কৰি এনে এনে উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ হাতযোৰ কৰি অনুৰোধ জনালে অধ্যক্ষগৰাকীয়ে ।
লগতে পঢ়ক:Medical Colleges in Assam : স্বাস্থ্য খণ্ডৰ দুৰৱস্থা; ৰাজ্যৰ ১২ খন চিকিৎসা মহাবিদ্যালয়ত ৪৫৬ জন চিকিৎসকৰ অভাৱ