অসম

assam

ETV Bharat / state

নগাঁৱত ভূ তত্ববিদে লাভ কৰিছে মূল্যবান মাণিক আৰু আকৰিকৰ - নগাঁৱ

ভু-তত্ত্ববিদ সকলে শেহতীয়াকৈ সন্ধান পাইছে বহু কেইবিধ মুল্যবান মাণিক আৰু আকৰিকৰ

নগাঁৱত ভূ তত্ববিদে লাভ কৰিছে মূল্যবান মাণিক আৰু আকৰিকৰ

By

Published : Mar 10, 2019, 3:19 PM IST

নিউজ ডেস্ক, নগাঁৱ, 10 মাৰ্চ: নগাঁৱৰ কঠিয়াতলিৰ পৰা শালনা পৰ্য্যন্ত বৃহত্তৰ সীমামুৰীয়া অঞ্চলটোত বিগত দুটা বছৰৰো অধিক সময় গৱেষণা চলাই আছে ভূ তত্ববিদে ৷ ভু-তত্ত্ববিদ সকলে শেহতীয়াকৈ সন্ধান পাইছে বহু কেইবিধ মুল্যবান মাণিক আৰু আকৰিকৰ । বিগত প্ৰায় ডেৰ মাহৰ ধাৰাবাহিক অনুসন্ধান আৰু গৱেষণাৰ অন্তত চৰকাৰী ভু-তত্ত্ববিদ মুন চন্দ্ৰ ডেকাৰ মতে নগাওঁ জিলাৰ চাপানালাৰ সমীপৱৰ্ত্তী জিয়াজুৰি পাহাৰৰ লগতে চামগুৰিৰ সমীপৱৰ্ত্তী বৰজুৰি পাহাৰৰ আছে উৎকৃষ্ট মানৰ চিলিকা, চিলিমিনাইট আৰু গ্ৰেনাইট আদি কেইবাবিধো উৎকৃষ্ট সম্পদ ।

নগাঁৱত ভূ তত্ববিদে লাভ কৰিছে মূল্যবান মাণিক আৰু আকৰিকৰ
অৱশ্যে পৰৱৰ্তী সময়ত গুৱাহাটী স্থিত বিভাগীয় উন্নত পৰীক্ষাগাৰত হ'বলগীয়া পৰীক্ষা-নিৰীক্ষাৰ পিছতহে ক'ব পৰা যাব অঞ্চল কেইটাত প্ৰকৃতিতে কিমান পৰিমাণৰ সম্পদ সম্প্ৰতি মজুত আছে অঞ্চল কেইটাত । তেওঁ কয় যে, ‘পৰীক্ষা-নিৰীক্ষাৰ অন্তত দলটোৱে সন্ধান পোৱা মাণিকৰ অৱস্থিতিৰ পৰিমাণ যদি অধিক হয় তেতিয়া হ'লে দেশৰ ভিতৰতে এইসমুহ মূল্যবান সম্পদ পোৱা একমাত্ৰ ঠাই হৈ পৰিব পাৰে অসম’ ।

উল্লেখ্য যে, নগাওঁ-কাৰ্বিআংলং সীমান্তৱৰ্তী এই বৃহত্তৰ অঞ্চলটোত থকা একাধিক শিলৰ কোৱাৰিক লৈ যথেষ্ট চিন্তিত চৰকাৰী গৱেষণাকাৰি দলটো । পৰৱৰ্তী সময়ত চৰকাৰী অনুমতি পালে এই সমুহ শিলৰ কোৱাৰি আৰু শিল ভঙা সৰু-বৰ মেচিনৰ সন্দৰ্ভত বিশেষভাৱে তথ্য সংগ্ৰহ কৰাৰো ব্যৱস্থা কৰিব পৰা যাব বুলি উল্লেখ্য কৰিছে ভু-তত্ত্ববিদ মুন চন্দ্ৰ ডেকাই ৷

ABOUT THE AUTHOR

...view details