কলিয়াবৰ,6 জানুৱাৰীঃ২০২০ বৰ্ষৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াই কলিয়াবৰৰ বৰঘূলীৰ এটা বৃহত্তৰ অঞ্চল নিশ্চিহ্ন কৰি পেলোৱাৰ পিছতো যেন গা-লৰা নাই বিভাগীয় কৰ্মচাৰী কিম্বা ঠিকাদাৰৰ । স্বয়ং জলসম্পদ মন্ত্ৰীৰ নিজা সমষ্টিতেই সংঘটিত হৈছে এনে ঘটনা । ঠিকা লাভ কৰা প্ৰতিষ্ঠানৰ অৱহেলা, দুৰ্নীতি আৰু কাম নকৰাকৈ থকাৰ ফলত বিগত সময়চোৱাত বৰঘূলী অঞ্চলৰ কেইবা হাজাৰ হেক্টৰজোৰা বৃহত্তৰ অঞ্চল ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে । তাৰ পিছতো যেন শিক্ষা লোৱা নাই ঠিকাদাৰ কিম্বা বিভাগীয় অভিযন্তা, কৰ্মচাৰীয়ে ।
শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ পানী শুকাইছে যদিও পুনৰ লেহেমীয়া গতিত কাম আৰম্ভ কৰিছে একাংশ ঠিকাদাৰে । ইফালে জিঅ' বেগৰ গাইড-বান্ধ নিৰ্মাণত দুৰ্নীতি অনিয়মৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ । প্ৰতিটো জিঅ' বেগত ১২৬ কে. জি.কৈ মাটি আৰু বালি ভৰ্তি কৰিব লাগে যদিও কেৱল ৪০-৫০ কে. জি. মানকৈ কেৱল নদীৰ বালি ভৰ্তি কৰি জিঅ' বেগবোৰ যধে-মধে নৈ বুকুত পেলোই দিয়াৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷