নগাঁও, 9 জুন :মল্লযোদ্ধাৰ পক্ষত থিয় দি বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে প্ৰগতিশীল নাৰী সন্থা । সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁৱৰ জাগৃত সংগ্রামী নাৰী বাহিনীৰ আহ্বানত বৃহস্পতিবাৰে বিয়লি এখনি সাধাৰণ সভা অনুষ্ঠিত হয় । দিলোৱাৰা বেগমৰ সঞ্চালনাত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰি সংগঠনটোৰ সম্পাদিকা মালবিকা বৰাই সাম্প্ৰতিক দেশ তথা ৰাজ্যত নাৰীৰ মৰ্যাদাৰ কথাতো বাদেই নিৰাপত্তাই নোহোৱা হৈ পৰিছে বুলি মন্তব্য কৰে ৷
সম্পাদিকা মালবিকা বৰাই লগতে আৰু কয় যে, ঘৰুৱা হিংসা, কামৰ ঠাইৰ পৰা আৰম্ভ কৰি বাটে-ঘাটে বাদেই খোদ ৰাষ্ট্রৰ আইন প্ৰণেতা আৰু আইন কাৰ্যকৰী কৰা বাহিনীৰ ওচৰতেই নাৰী নিৰাপদ নহয় । সমাজত নাৰী সুৰক্ষিত নোহোৱাৰ কথা দেশলৈ গৌৰৱ কঢ়িয়াই অনা মহিলা মল্লযোদ্ধা সকলৰ পৰা আৰম্ভ কৰি জোনমণি ৰাভাৰ সন্দেহজনক অপমৃত্যুৰ ঘটনাৰাজিয়ে প্ৰতিপন্ন কৰিছে বুলিও ভাষণত অভিহিত কৰে নাৰী সন্থাৰ নেত্ৰীগৰাকীয়ে ।
সভাত অংশগ্ৰহণ কৰি সদৌ ভাৰত প্ৰগতিশীল নাৰী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্যা তথা সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলাৰ সভানেত্ৰী পৰী কুমাৰী বৰুৱাই নিজৰ ভাষণত কয় যে, বিজেপিৰ শাসন কালত দেশৰ এমুঠিমান মানুহৰ বাদে গৰিষ্ঠ সংখ্যক লোকৰ আজি জীৱন আৰু জীৱিকাৰ প্রতি সংশয় নামি আহিছে । নাৰী সমাজ ভয়ানক বিপদৰ সন্মুখীন হ'ব লগা হৈছে ।