নগাঁও, ১২ জানুৱাৰী :দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে সাংগঠনিক তৎপৰতা । সকলো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ । তাৰ ব্যতিক্ৰম নহয় কংগ্ৰেছ দলো । ধিং বিধানসভা সমষ্টিৰ বুথ পৰ্যায় আৰু পৃষ্ঠা সেৱকৰ প্ৰশিক্ষণত কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ।
এই সভাত সাংসদ গৌৰৱ গগৈ, ৰাণা গোস্বামী, শিৱামণি বৰাকে প্ৰমুখ্য কৰি বহুকেগৰাকী কংগ্ৰেছ দলৰ নেতাই অংশগ্ৰহণ কৰে । আনহাতে, শুকুৰবাৰে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ধিঙত অনুষ্ঠিত কংগ্ৰেছৰ কৰ্মী সভাত অংশগ্ৰহণ কৰি কেইবাটাও বিস্ফোৰণ ঘটায় সাংসদ গৌৰৱ গগৈয়ে । কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ তথা লোকসভাত কংগ্ৰেছৰ উপনেতা গৌৰৱ গগৈয়ে অসমত ৰাহুল গান্ধীৰ নেতৃত্বত চলা ভাৰত জোড়ো ন্যায় যাত্ৰা বিফল কৰিবলৈ উঠি-পৰি লাগিছে বিজেপি চৰকাৰ ।
অসমত গঢ়ি উঠা ব্যক্তিগত ধনৰ সাম্ৰাজ্য ফাদিল হোৱাৰ ভয়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা বিফল কৰাৰ ষড়যন্ত্ৰ আৰম্ভ হোৱাৰ বিস্ফোৰক অভিযোগ কৰে সাংসদ গৌৰৱ গগৈয়ে । উল্লেখ্য যে এই সভাতেই প্ৰদেশ কংগ্ৰেছৰ নেতা ৰাণা গোস্বামীয়ে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনক কুলক্ষণীয়া চৰকাৰ বুলি অভিহিত কৰি বক্তব্য আগবঢ়ায় ।