কলিয়াবৰ, 21 এপ্ৰিল : নিবনুৱা সমস্যা বৃদ্ধিৰ বাবে নতুন প্ৰজন্মৰ একাংশ আলফামুখী হৈছে (youth joining ULFA), এই মন্তব্য কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ । আলফাত যোগদান প্ৰসংগত মন্তব্য কৰি বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাখনৰ কাম-কাজত অসন্তুষ্ট হৈয়ে একাংশ অসমীয়া যুৱকে হাতত বন্দুক ল'বলৈ আগবাঢ়িছে বুলিও কয় তেওঁ । এনে অশুভ পৰম্পৰা কংগ্ৰেছৰ চৰকাৰ দিনত শেষ হৈছিল যদিও ই পুনৰ মূৰ দাঙি উঠাটো পৰিতাপৰ বিষয় বুলি সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্তব্য কৰে সাংসদ গৰাকীয়ে ।
আনহাতে, যধে-মধে এনকাউণ্টাৰক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৌৰৱ গগৈয়ে । তেওঁ কয়, অসম আৰক্ষীক বিজেপিৰ শাখা হিচাপে নহয়, আৰক্ষীক আৰক্ষীক হিচাপে থাকিবলৈ দিব লাগে । তদুপৰি, একাংশ নেতাই কংগ্ৰেছ দল ত্যাগ কৰা সম্পৰ্কতো বিজেপি দলক আক্ৰমণ কৰি তেওঁ ক'লে বিজেপিৰ ভিতৰহে লবীৰ ৰাজনীতি আছে (Lobbying in BJP) । পুৰণি বিজেপিসকলক দলৰ পৰা এলাগী কৰিছে, পুৰণি কৰ্মীক ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ন-বিজেপিসকল ।