কলিয়াবৰ, 18 ছেপ্টেম্বৰ :দিনযোৰা কাৰ্যসূচীৰে কলিয়াবৰত উপস্থিত হ’ল সাংসদ গৌৰৱ গগৈ ৷ সাংসদগৰাকীয়ে বিভিন্ন স্থান পৰিদৰ্শন কৰাৰ লগতে শিলঘাটস্থিত অসমৰ দ্বিতীয় শক্তিপীঠ শ্ৰীশ্ৰী কামাখ্যা দেৱালয় চৌহদত নিৰ্মিত সামূহিক ভৱন ভক্তপ্ৰাণ ৰাইজলৈ মুকলি কৰে । উল্লেখযোগ্য যে, ২০১৭–১৮ বৰ্ষ সাংসদ উন্নয়ন পূঁজিৰ তিনি লাখ টকাৰে ভৱনটো নিৰ্মান কৰাৰ কথা উল্লেখ কৰি ইয়াৰ জৰিয়তেই সাংসদ উন্নয়নৰ পূজি কৰ্তনৰ অভিযোগ তোলে গগৈয়ে ৷
ইফালে, তামোলপুৰ আৰু গোসাইগাঁও বিধান সভা সমষ্টিৰ দুই বিধায়কৰ মৃত্যুৰ পিছত উপ-নিৰ্বাচন স্বাভাৱিক আছিল যদিও, মাজুলী, মৰিয়নী, থাওৰা, ভৱনীপুৰ সমষ্টিৰ উপ-নিৰ্বাচন একমাত্ৰ ক্ষমতালোভী ৰাজনীতিৰ উদাহৰণ বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে । ক্ষমতা আৰু বাহুবলেৰে বিৰোধীক দুৰ্বল কৰাৰ স্বাৰ্থত বিজেপি চৰকাৰখনে ফেচীবাদী কাৰ্যপন্থা হাতত লোৱাৰ অভিযোগ কৰি সেই চেষ্টাত কংগ্ৰেছে তীব্ৰ প্ৰত্যাহ্বান জনাব বুলিও মন্তব্য কৰে তেওঁ ৷