নগাঁও, 3 ছেপ্টেম্বৰ :বৌদ্ধিক সম্পত্তি চুৰিৰ অভিযোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকৰ বিৰুদ্ধে আৰক্ষী থানাত এজহাৰ দাখিল কৰা ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ জ্যোতিৰ্ময় জানাৰ সম্পাদনাত প্ৰকাশিত এখন গ্ৰন্থৰ সমলখিনি ভালেমান ক্ষেত্ৰত ডঃ জ্যোতিৰ্ময় জানাৰ ভাষাৰেই সন্নিবিষ্ট কৰি নিজৰ নামত প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰফুল্ল কুমাৰ নাথৰ বিৰুদ্ধে ।
২০১৪ চনতেই অৱসৰপ্ৰাপ্ত অধ্যাপক জ্যোতিৰ্ময় জানাই সম্পাদনা কৰিছিল ৰুদ্ৰৰাম বড় দলৈৰ ‘‘বঙ্গাল বঙ্গালনী" মূল নাটক আৰু আলোচনী । কিতাপখন ২০১৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিকত জ্যোতিৰ্ময় জানাৰ নামতেই অন্তৰ্ভুক্ত কৰিছিল । পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰফুল্ল কুমাৰ নাথে কিতাপখনৰ ভাষা নকল কৰি নিজৰ নামত ছপোৱা বুলি অভিযোগ উত্থাপন কৰিছে অৱসৰপ্ৰাপ্ত অধ্যাপক জ্যোতিৰ্ময় জানাই ।