অসম

assam

ETV Bharat / state

Garima Saikia Garg at Raha : এগৰাকী নাৰীক ধৰ্ষণ কৰা মানে গোটেই জাতিটোকে ধৰ্ষণ কৰা বুজায় : গৰিমা শইকীয়া গাৰ্গ

জোনমনি ৰাভা, জোনালী নাথৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদান কৰিব লাগে ৷ লগতে সমাজত এনে দুৰ্বৃত্তই দপদপাই ফুৰিবলৈ সুবিধা দিব নালাগে ৷ বৃহস্পতিবাৰে ৰহাত ‘‘ডুগডুগী ফাউণ্ডেশ্যন’’ৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে ফেছন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গে ৷

By

Published : Jun 16, 2023, 2:25 PM IST

Garima Saikia Garg inaugurate Dugdugi Foundation at Raha
‘‘ডুগডুগী ফাউণ্ডেশ্যন’’ৰ শুভ উদ্বোধনী অনুষ্ঠান

‘‘ডুগডুগী ফাউণ্ডেশ্যন’’ৰ শুভ উদ্বোধনী অনুষ্ঠান

ৰহা, 16 জুন : ‘‘নাৰীক দুৰ্গা, কালী অথবা দেৱী ৰূপে পূজা কৰা হয় । নাৰী মাতৃ হয়, নাৰী সৃষ্টিকৰ্তা হয় । নাৰীয়ে পৃথিৱীৰ সৃষ্টি আৰু সভ্যতাক আগুৱাই লৈ যায় । এগৰাৰী নাৰীক ধৰ্ষণ কৰা মানে গোটেই জাতিটোকে ধৰ্ষণ কৰা ৷’’ ৰহাত এই মন্তব্য কৰে ফেছন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গে ।

বৃহস্পতিবাৰে ৰহাত কেঁচা সোণৰ প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰতিষ্ঠান ডুগডুগীৰ নতুন প্ৰতিষ্ঠান ‘‘ডুগডুগী ফাউণ্ডেশ্যন’’ৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ফেছন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গে ৷ এই অনুষ্ঠানতে অংশ লৈ জোনমনি ৰাভা, জোনালী নাথ আদি হত্যাকাৰীৰ উচিত শাস্তি হ'ব লাগে আৰু সমাজত এনে দুৰ্বৃত্তই দপদপাই ফুৰিবলৈ সুবিধা দিব নালাগে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

উল্লেখ্য যে, অসমৰ কেঁচা সোণৰ গহণাৰ এটা প্ৰতিষ্ঠিত নাম ডুগডুগী । এই কেঁচা সোণৰ গহণাৰ প্ৰতিষ্ঠানটোৱে বিভিন্ন সময়ত দুৰ্গৰসকলক সাহাহ্য প্ৰদান কৰি আহিছে । বৃহস্পতিবাৰে ৰহাত প্ৰতিষ্ঠানটোৱে উদ্বোধন কৰে ডুগডুগী ফাউণ্ডেশ্যন । নিবনুৱা সংস্থাপন, দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক সহায় তথা দুৰ্গত লোকক সাহায্য প্ৰদানৰ উদ্দেশ্য আগত ৰাখি মুকলি কৰা এই ডুগডুগী ফাউণ্ডেশ্যনৰ উদ্বোধনী অনুষ্ঠানত গৰিমা শইকীয়া গাৰ্গে ৷

আনকি ডিজাইনাৰগৰাকীয়ে ডুগডুগীৰ কাৰ্যপন্থাক ভূয়সী প্ৰশংসা কৰাৰ লগতে অনাগত দিনত ডুগডুগীয়ে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে । এই অনুষ্ঠানতে ডুগডুগীৰ স্বত্বাধিকাৰ যুৱ ব্যৱসায়ী তথা সু-সাহিত্যিক, লেখক উৎপল বনিয়াৰ পঞ্চমখন কাব্যগ্ৰন্থ 'এদিন ইন্দ্ৰ হ'ম' উন্মোচন কৰে গৰিমা শইকীয়া গাৰ্গে । কাব্যগ্ৰন্থখন উন্মোচন কৰি গৰিমা শইকীয়া গাৰ্গে উৎপল বনিয়াৰ এটা আবৃতি কৰি আপ্লুত কৰে উপস্থিত লোকসকলক ।

উল্লেখ্য যে, যুৱ ব্যৱসায়ী, লেখক উৎপল বনিয়াৰ 33 সংখ্যক জন্ম দিনতে আয়োজিত এই ডুগডুগী ফাউণ্ডেশ্যনৰ উদ্বোধনী অনুষ্ঠানটোতে নগাঁৱৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা 33 গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে এইবাৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফল দেখুওৱা ৰহাৰ পাঁচগৰাকী কৃৰ্তীমান ছাত্ৰ-ছাত্ৰীক সাহায্য প্ৰদান কৰে ডুগডুগী ফাউণ্ডেশ্যনে ।

এই অনুষ্ঠানত এক বৃক্ষৰোপন কাৰ্যসূচীও ৰূপায়ন কৰা হয় । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ আৰম্ভণিতে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠান শুভাৰম্ভ কৰে নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে ।

লগতে পঢ়ক :Sikha Sarma detained: দিছপুৰ আৰক্ষীয়ে আটক কৰিলে বিতৰ্কিত শিখা শৰ্মাক, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details