নগাঁও, 2 জুন : ৰাজ্যজুৰি নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ সমান্তৰালভাৱে নগাঁৱতো অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুব বৰাৰ নেতৃত্বত ইটাচালী আৰক্ষীৰ এটা দলে কৰৈয়নী গধুৰীয়া গাঁৱত ড্ৰাগছ বিৰোধী অভিযান চলায় ৷ উক্ত অভিযানত মণিপুৰী গাঞ্জাসহ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ।
নগাঁও আৰক্ষীৰ জালত গাঞ্জাসহ এজন ড্ৰাগছ ব্যৱসায়ী - ড্ৰাগছ বিৰোধী অভিযান
মণিপুৰী গাঞ্জাসহ ইটাচালী আৰক্ষীৰ জালত এজন ড্ৰাগছ ব্যৱসায়ী। নগাঁৱৰ ইটাচালী আৰক্ষীৰ এটা দলে কৰৈয়নী গধুৰীয়া গাঁৱত ড্ৰাগছ বিৰোধী অভিযান চলাই মণিপুৰী গাঞ্জাৰ লগতে ২ কেজিৰো অধিক স্থানীয় গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷
নগাঁও আৰক্ষীৰ জালত এজন ড্ৰাগছ ব্যৱসায়ীসহ ২ কেজি গাঞ্জা জব্দ
উল্লেখ্য যে, ধৃত ড্ৰাগছ ব্যৱসায়ীজনৰ নাম খগেন বৰা বুলি জানিব পৰা গৈছে ৷ খগেন বৰাই দীৰ্ঘদিন ধৰি নিজ ঘৰৰ পৰাই নিষিদ্ধ গাঞ্জাৰ ব্যৱসায় অব্যাহত ৰাখিছিল বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে উক্ত অভিযানত অভিযুক্তজনৰ ঘৰৰ পৰা মণিপুৰী গাঞ্জাৰ লগতে ২ কেজিৰো অধিক স্থানীয় গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় । আনহাতে গাঞ্জা ব্যৱসায়ৰ লগতে জড়িত থকাৰ অভিযোগত খগেন বৰাকো আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে ।
লগতে পঢ়ক : আবকাৰী বিভাগৰ নিৰ্লিপ্ততাৰ বাবে ৰাজ্যত চলিছে চুলাই মদৰ অবৈধ বেহা