অসম

assam

By

Published : Sep 3, 2022, 1:17 PM IST

ETV Bharat / state

বটদ্ৰৱা আৰক্ষীৰ জালত ভুৱা নথি যোগান ধৰা চক্ৰ

নগাঁৱত ভুৱা নথি পত্ৰৰ ৰমৰমীয়া ব্যৱসায় । ধনৰ বিনিময়ত যোগান ধৰে ভুৱা পেন, আধাৰ আৰু ভোটাৰ কাৰ্ড। বটদ্ৰৱা আৰক্ষীৰ অভিযানত উৎখাত ভুৱা নথি যোগান ধৰা চক্ৰ । আৰক্ষীৰ জালত দুই অভিযুক্ত । জব্দ ভুৱা পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু ভোটাৰ আই ডি (Gang of forged documents arrested in Nagaon) ৷

Gang of forged documents arrested in Nagaon
বটদ্ৰৱা আৰক্ষীৰ জালত ভুৱা নথি যোগান ধৰা চক্ৰ

নগাঁও, 3 চেপ্টেম্বৰ:এইবাৰ নগাঁৱত আৰম্ভ হৈছে ভুৱা নথি পত্ৰৰ ৰমৰমীয়া ব্যৱসায় । ধনৰ বিনিময়ত যোগান ধৰে ভুৱা পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড । সৰ্বসাধাৰণ লোকক প্ৰৱঞ্চনা কৰি একাংশ লোকক যোগান ধৰি আহিছে ভুৱা পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড (Gang of forged documents arrested in Nagaon)।

এনে এক ভুৱা নথিৰ প্ৰতিষ্ঠানেই গঢ় লৈ উঠিছিল নগাঁও জিলাৰ ডুমডুমীয়া বজাৰত । দীৰ্ঘদিন ধৰি অসৎ পন্থাৰে ব্যৱসায় চলাই অহা চক্ৰটোৰ কু কাৰ্য্যৰ বিষয়ে বটদ্ৰৱা আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত লাভ কৰে খবৰ । সেই খবৰৰ ভিত্তিতেই অনুসন্ধান আৰম্ভ কৰে বটদ্ৰৱা আৰক্ষীয়ে । শুকুৰবাৰে নিশা গোপন খবৰৰ ভিত্তিতেই ডুমডুমীয়া বজাৰত অভিযান চলাই বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ লাহনৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ।

বটদ্ৰৱা আৰক্ষীৰ জালত ভুৱা নথি যোগান ধৰা চক্ৰ

আৰক্ষীৰ দলটোৱে চলোৱা অভিযানত একপ্ৰকাৰ উৎখাত হয় ভুৱা নথি যোগান ধৰা চক্ৰ । শুকুবাৰে নিশা নগাঁৱৰ বটদ্ৰৱা আৰক্ষীয়ে ডুমডুমীয়া বজাৰত অভিযান চলাই ভুৱা পেন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড জব্দ কৰাৰ লগতে দুজনকৈ অভিযুক্তক আটক কৰিবলৈও সক্ষম হয় । আৰক্ষীৰ দলটোৱে ডুমডুমীয়া বজাৰত থকা বিশেষ দোকানখনৰ পৰা ভুৱা পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ডৰ উপৰিও ভুৱা ছিল মোহৰ, বহু আবেদন পত্ৰও জব্দ কৰিবলৈ সক্ষম হয় ।

জব্দ কৰা ছিল মোহৰ কেইটা এন জি অ ৰ নামত থকা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে । ভুৱা নথিৰ ব্যৱসায়ত জড়িত মুস্তফা আহমেদ আৰু নুৰজামাল গাজী নামৰ দুই মূল অভিযুক্তকে আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী । ভুৱা নথি যোগান ধৰি কি কি কু কাৰ্য্যত জড়িত হৈ পৰিছিল সেই সন্দৰ্ভতো অনুসন্ধান অব্যাহত ৰাখিছে বটদ্ৰৱা আৰক্ষীয়ে । ধৃত মুস্তফা আহমেদ আৰু নুৰজামাল গাজীক ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বটদ্ৰৱা আৰক্ষীয়ে ।

লগতে পঢ়ক:নথি পত্ৰ জালিয়াতিৰ অভিযোগত আটক দুজন

ABOUT THE AUTHOR

...view details