চামগুৰি, 12 ছেপ্তেম্বৰ :গণেশ চতুৰ্থীৰ নিশা বন্যহস্তীক তুষ্ট কৰিবৰ বাবে চামগুৰিৰ এখন পথাৰত কৰা হয় গণেশ পূজা ৷ নগাঁও জিলাৰ চামগুৰিৰ হাঁহচৰা বৰালিগাঁৱৰ কৃষক ৰাইজে পথাৰৰ মাজত আয়োজন কৰে গণেশ পূজাৰ । বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ গণেশ বন্দনাৰে কৃষক ৰাইজে মুখৰিত কৰিলে ধাননি পথাৰ ৷ ধূপ, দীপ, নৈবেদ্য, ধান, চাউল, বুন্দিয়াৰ লাড়ু আগবঢ়াই কাকুতি ঘোষাৰে ৰাইজে কৰে পূজা-অৰ্চনা ৷
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি চামগুৰিৰ বিভিন্ন অঞ্চলত বন্যহস্তীয়ে চলাই আহিছে উপদ্ৰৱ । বন্যহস্তীয়ে খাই তহিলং কৰিছে বিঘাই বিঘাই ধান খেতি । ক্ষতিসাধন কৰিছে ঘৰ-বাৰীৰ ৷ বিশেষকৈ নিশাৰ ভাগত বন্যহস্তীয়ে অঞ্চলটোত তাণ্ডৱ চলাই ক্ষতিসাধন কৰিছে বহু লোকৰ বাসগৃহ, ভঁৰাল ঘৰ, পাকঘৰৰ লগতে খেতি পথাৰৰ ৷