উপ নিৰ্বাচনৰ মাজতে ধিঙত আঙুৰলতাৰ নেতৃত্বত বিজেপিৰ সংকল্প যাত্ৰা
স্থানীয় বিধায়িকা আঙুৰলতা ডেকাৰ নেতৃত্বত শতাধিক লোকৰ অংশগ্ৰহণ ৷ উপস্থিত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা ৷
ধিং, 21 অক্টোবৰ: ৰাজ্যৰ চাৰি সমষ্টিত চলি থকা উপ নিৰ্বাচনৰ ভোট গ্ৰহণৰ মাজতে নগাঁও জিলাৰ ধিঙত সোমবাৰে বিজেপিয়ে আয়োজন কৰিলে জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০তম জন্ম জয়ন্তী উপলক্ষে গান্ধী সংকল্প যাত্ৰা ৷ স্থানীয় বিধায়িকা আঙুৰলেতা ডেকাৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই সংকল্প যাত্ৰাত ডেকাৰ পৰা বয়োজ্যেষ্ঠলৈকে শতাধিক লোকে অংশগ্ৰহণ কৰে ৷ ইফালে এই যাত্ৰা কালত বিধায়িকা আঙুৰলতাক সংগ দিয়ে ৰাজ্যসভা সাংসদ তথা বিজেপি নেতা কামাখ্যা প্ৰসাদ তাচাই ৷ এই যাত্ৰাত অংশলৈ সাংসদ তাচাই আজি অনুস্থিত হোৱা উপ নিৰ্বাচনত সংখ্যালঘু অধ্যূষিত জনীয়া সমষ্টিত গেৰুৱা দলৰ পৰাজয় এশ শতাংশ নিশ্চিত বুলি দাবী কৰে কিন্তু বাকী তিনিটা সমষ্টিত বিজেপিৰ জয় হ'ব বুলি মন্তব্য কৰে ৷ আনহাতে,যাত্ৰাৰ পাছত সাংবাদিকৰে হোৱা মুখা-মুখিত বিধায়িকা আঙুৰলতা ডেকাই তেওঁক শেহতীয়াকৈ শংকৰদেৱ কলাক্ষেত্ৰৰ উপাধ্যক্ষা হিচাপে নিযুক্তি দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয়," এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে এই দায়িত্ব পোৱাত মই গৌৰৱান্বিত" ৷