অসম

assam

ETV Bharat / state

জীৱন্ত কালতে প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন গণ শিল্পী সূৰ্য দাসৰ - গণ শিল্পী সূৰ্য দাস

নগাঁও জিলাৰ কামপুৰৰ তেতেলীসৰাত জীৱন্ত কালতে প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব ৰাজ্যৰ এগৰাকী গণ শিল্পী সূৰ্য দাসৰ ৷ এই উপলক্ষে শিল্পীৰ দিৱসৰ দিনাই গণ শিল্পী গৰাকীৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয় ৷ আধাৰশিলা স্থাপন কৰে প্ৰতিমূৰ্তি স্থাপন সমিতিৰ সভাপতি তথা মীন বিভাগৰ উচ্চ বিষয়া পদ্মকান্ত হাজৰিকাই ৷

gana silpi surjya das
আধাৰশিলা স্থাপন হ'ল গণ শিল্পী সূৰ্য দাসৰ প্ৰতিমূৰ্তিৰ

By

Published : Jan 17, 2021, 6:18 PM IST

বঢ়মপুৰ, 17 জানুৱাৰী : আজি শিল্পী দিৱস ৷ এই উপলক্ষে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী গীতেৰে সুঁৱৰিছে ৰাজ্যবাসীয়ে ৷ ৰূপকোঁৱৰৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গ্ৰহণ কৰা হৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ ৷

সেই অনুসৰি শিল্পী দিৱসৰ দিনাই ৰাজ্যৰ আন এগৰাকী গণ শিল্পীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয় ৷ জীৱন্ত কালতে নগাঁও জিলাৰ কামপুৰৰ তেতেলীসৰাত গণ শিল্পী সূৰ্য দাসৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয় ৷ আধাৰশিলা স্থাপন কৰে প্ৰতিমূৰ্তি স্থাপন সমিতিৰ সভাপতি তথা মীন বিভাগৰ উচ্চ বিষয়া পদ্মকান্ত হাজৰিকাই ৷

আধাৰশিলা স্থাপন হ'ল গণ শিল্পী সূৰ্য দাসৰ প্ৰতিমূৰ্তিৰ

ইয়াৰ পিচতে তেওঁ সাংবাদিক সম্বোধন কৰি কয়, প্ৰায় 23 ফুট উচ্চতাৰ হ'ব এই প্ৰতিমূৰ্তিটো ৷ লগতে গণ শিল্পী গৰাকীৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিবলৈ কেইবা লাখ টকা ধাৰ্য কৰা হৈছে বুলি জানিবলৈ দিয়ে বিষয়া গৰাকীয়ে ৷ আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে কেইবাজনো বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক: সংখ্যালঘু প্ৰীতিটো বেয়া কথা নহয়; কিন্তু মিঞা প্ৰীতিটোহে বেয়া: ড৹ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details