ৰূপহীহাট,5 জানুৱাৰী:নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়াৰ বিভিন্ন অঞ্চলত চলি থকা কেইবাটাও জুৱাৰ ঘাটি উৎখাত কৰে আৰক্ষীয়ে ৷ গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত জুৰীয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় তিনিজন জুৱাৰী ৷ ঘটনাৰ বিৱৰণী অনুসৰি, জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃগেন শইকীয়াৰ নেতৃত্বত এটি আৰক্ষীৰ দলে কালিয়াডিঙিয়া আৰু মাহেৰীপাৰ অঞ্চলত অভিযান চলাই বহুকেইটা জুৱাৰ ঘাটি উচ্ছেদ কৰে ৷ আৰক্ষীৰ হাতত ধৃত জুৱাৰী কেইটা ক্ৰমে ফাৰহাদ আলী, তাজিম উদ্দিন আৰু মোবাৰক আলী বুলি চিনাক্ত কৰা হৈছে ৷ আৰক্ষীয়ে ধৃত জুৱাৰী কেইটাক ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷
আৰক্ষীৰ অভিযানত উৎখাত জুৱাৰ ঘাটি - জুৰীয়া আৰক্ষী
আৰক্ষীৰ অভিযানত উৎখাত জুৱাৰ ঘাটি ৷ লগতে আটক তিনিজন জুৱাৰী ৷ জুৰীয়া আৰক্ষীয়ে চলাইছিল এই অভিযান ৷

আৰক্ষীৰ অভিযানত উৎখাত জুৱাৰ ঘাটি
Last Updated : Jan 5, 2021, 12:32 PM IST