নগাওঁ , 23 অক্টোবৰঃ বুধবাৰে নগাওঁ ক্ৰীড়া সংস্থাৰ উদ্যোগত অনুষ্ঠিত ৭১ সংখ্যক স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে গকুলম কেৰেলা ফুটবল ক্লাৱে ৷ নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত নৈশালোকত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলত গকুলম কেৰেলা দলে জলন্দৰ পাঞ্জাৱৰ সীমান্ত সুৰক্ষা বাহিনীক ১-০ গ'লত পৰাস্ত কৰি অৰ্জন কৰে চুড়ান্ত বিজয়ীৰ খিতাপ ৷ স্বাধীনতা কাপৰ চুড়ান্ত বিজয়ী দল গকুলম এফ চি কেৰেলাক বিজয়ী বঁটা প্ৰদান কৰে খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থকা ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ।
গকুলম কেৰেলা ফুটবল ক্লাৱৰ শিৰত চুড়ান্ত খিতাপ - গকুলম কেৰেলা ফুটবল ক্লাৱ
জলন্দৰ পাঞ্জাৱৰ সীমান্ত সুৰক্ষা বাহিনীক ১-০ গ'লত পৰাস্ত কৰি ৭১ সংখ্যক স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে গকুলম কেৰেলা ফুটবল ক্লাৱে ৷
৭১ সংখ্যক স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খিতাপ গকুলম কেৰেলা ফুটবল ক্লাৱেলৈ
লগতে পঢ়কঃআলফাই মুকলি কৰি দিলে গৌৰাংগ চন্দ্ৰ দেৱক