অসম

assam

ETV Bharat / state

Azadi Ka Amrit Mahotsav: স্বাধীনতা সংগ্ৰামীক সম্বৰ্ধনা ৰেল আৰক্ষীৰ - আজাদী কা অমৃত মহোৎসৱ

ভাৰতৰ স্বাধীনতা দিৱসৰ ৭৫ তম বৰ্ষ উপলক্ষে বৰ্ষজুৰি সমগ্ৰ দেশতে পালন কৰা হৈছে আজাদী কা অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav observed in Nagaon) । এই উপলক্ষে দেশৰ আন ৰাজ্য়ৰ লগতে নগাঁৱতো অনুষ্ঠিত কৰা হৈছে বিভিন্ন কাৰ্যসূচী।

Azadi Ka Amrit Mahotsav observed in Nagaon
স্বাধীনতা সংগ্ৰামীক সম্বৰ্ধনা ৰেল আৰক্ষীৰ

By

Published : Jul 27, 2022, 9:14 PM IST

নগাঁও, ২৭ জুলাই: ভাৰতৰ স্বাধীনতা দিৱসৰ ৭৫ তম বৰ্ষ উপলক্ষে বৰ্ষজুৰি সমগ্ৰ দেশতে পালন কৰা হৈছে আজাদী কা অমৃত মহোৎসৱ । এই উপলক্ষে দেশৰ আন ৰাজ্য়ৰ লগতে অসমতো অনুষ্ঠিত কৰা হৈছে বিভিন্ন কাৰ্যসূচী (Azadi Ka Amrit Mahotsav in Assam)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক এই বিশেষ দিনটোত সকলো চৰকাৰী কাৰ্যালয়ৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠান আদিত জাতীয় পতাকা উত্তোলনৰ বাবে আহ্বান জনাইছে । এই আহ্বানৰ প্ৰতি সকলোৱে সহাঁৰি জনাই জাতীয় পতাকা প্ৰস্তুত কৰিছে ।

স্বাধীনতা সংগ্ৰামীক সম্বৰ্ধনা ৰেল আৰক্ষীৰ

নগাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ভাৰতীয় ৰেল আৰক্ষীৰ লামডিং শাখাৰ উদ্যোগতো বুধবাৰে এক কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Azadi Ka Amrit Mahotsav observed in Nagaon)। নগাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ভাৰতীয় ৰেল আৰক্ষীৰ লামডিং শাখাই ভাৰতৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰা মুক্তিযুঁজাৰু সকল আৰু তেওঁলোকৰ পৰিয়ালক সম্বৰ্দ্ধনা জনোৱাৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰে ৷

স্বাধীনতা সংগ্ৰামীক সম্বৰ্ধনা ৰেল আৰক্ষীৰ

উক্ত অনুষ্ঠানত ভোগেশ্বৰী ফুকননীৰ জীয়ৰি ৰত্ন মালা গোঁহাই, নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শৰৎ বৰকটকী, নগাঁৱৰ উপ আৰক্ষী অধীক্ষক ত্ৰিদিপ কুম্বাং, আৰ পি এফ বিষয়া অমূল্য কুমাৰ বিশ্বাস প্ৰমুখ্যে বহুকেইগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

লগতে পঢ়ক:Mission bhoomiputra : মিছন ভূমিপুত্ৰৰ দ্বাৰা অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ প্ৰদান কাৰ্যৰ বিৰোধিতা

ABOUT THE AUTHOR

...view details