নগাওঁ, 16 জুলাই:ক'ভিড ১৯ ৰ তৃতীয় ঢৌক লৈ তৎপৰ হৈ পৰিছে নগাঁও জিলা স্বাস্থ্য বিভাগ । সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো শুকুৰবাৰৰ পৰা পুণৰ কভিড প্ৰতিষেদক প্ৰদাণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে নগাঁও জিলা স্বাস্থ্য বিভাগে ( Nagaon District Health Department )। তদুপলক্ষে আয়োজন কৰা এখন সভাত আনুষ্ঠানিকভাৱে নগাঁও জিলা যুটিয়া স্বাস্থ্য সঞ্চালকে মুকলি কৰে তৃতীয় পালি অৰ্থাৎ কভিডৰ বুষ্টাৰ ডজ প্ৰদান কাৰ্যসূচীৰ (Covid-19 Vaccine Booster Shots)।
উল্লেখ্য যে আজিৰে পৰা ১৮ বছৰৰ ওপৰৰ সকলো হিতাধিকাৰীয়ে ক’ভিড ভেকচিনৰ তৃতীয় পালি অৰ্থাৎ বুষ্টাৰ ডজ ৭৫ দিনৰ বাবে বিনামুলীয়াকৈ চিলঙনি আমতলা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে । চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি হিতাধিকাৰীয়ে, দ্বিতীয় পালি ভেকচিন লোৱাৰ ৬ মাহ সম্পূর্ণ হলে ক’ভিড ভেকচিনৰ তৃতীয় পালি অৰ্থাৎ বুষ্টাৰ ডজ ৭৫ দিনৰ বাবে বিনামুলীয়াকৈ ল'ৱলৈ সুবিধা গ্ৰহণ কৰিব ।