নগাঁও, 3 জুন:লক ডাউনৰ বাবে স্তব্ধ হৈ পৰা নগাঁৱৰ এটা ছপাশালত পূৰ্ণগতিত চলিছে গ্ৰন্থ চপোৱাৰ কাম । অসমীয়া সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অন্যতম গ্ৰন্থ কামত কৃতিত্ব লভিবৰ সংকেতৰচনা কৰা হৈছিল ১৯০৩ চনত ৷ গ্ৰন্থখনৰ জৰিয়তে বেজবৰুৱাই অসমীয়াক দিছিল কামত কৃতিত্ব লাভৰ বহুকেইটা সূত্ৰ । ১৯৬৮ চনত বেজবৰুৱাৰ ৰচনাৱলীত এই গ্ৰন্থখন অন্তৰ্ভুক্ত কৰিছিল অসমৰ সম্ভ্ৰান্ত প্ৰকাশন গোষ্ঠী সাহিত্য প্ৰকাশে । গ্ৰন্থখন পুনৰ মুদ্ৰণৰ কাম আৰম্ভ কৰিছে নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশন গোষ্ঠীয়ে ৷ প্ৰায় ৫০ হাজাৰ গ্ৰন্থ মুদ্ৰণ কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰাৰ সিদ্ধান্ত লৈছে প্ৰকাশন গোষ্ঠীটোৱে ।
50 হাজাৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ সিদ্ধান্ত ক্ৰান্তিকাল প্ৰকাশনৰ - অজন্তা প্ৰেছ
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ এখন বিশেষ গ্ৰন্থ । এই গ্ৰন্থখন ৫০ হাজাৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ বিতৰণ কৰিব অগ্ৰণী প্ৰকাশক গোষ্ঠী ক্ৰান্তিকাল প্ৰকাশনে। ইতিমধ্যে আৰম্ভ হৈছে গ্ৰন্থখনৰ ছপা কাম । কি কাৰণে গ্ৰন্থখন বিনামূলীয়াকৈ বিতৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰকাশক গোষ্ঠীয়ে সেই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন ৷

free book distribution from krantikal publishers house nagaon assam etv bharat news
50 হাজাৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ সিদ্ধান্ত ক্ৰান্তিকাল প্ৰকাশনৰ
উল্লেখ্য যে, নগাঁৱৰ অন্যতম ছপাশাল অজন্তা প্ৰেছে এইবেলি ভৰি দিছে ৫০ বছৰত । প্ৰকাশন গোষ্ঠীটোৰ ভগ্নী প্ৰতিষ্ঠান ক্ৰান্তিকাল প্ৰকাশনৰ ২০ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে অজন্তা প্ৰেছ তথা ক্ৰান্তিকাল প্ৰকাশনৰ স্বত্বাধিকাৰী কৈলাশ ৰাজখোৱাই ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিব গ্ৰন্থখন । অৱশ্যে এইক্ষেত্ৰত নগাঁৱৰ বিদ্যালসমূহক অগ্ৰাধিকাৰ দিয়াৰ কথা উল্লেখ কৰে ৰাজখোৱাই ।