নগাঁও,2 ফেব্ৰুৱাৰী : নগাঁৱত পুৰণি গাড়ী বিক্ৰীৰ নামত উত্থাপন হৈছে গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ । অভিযোগ অনুসৰি, নগাঁৱৰ ফৌজদাৰী পট্টিৰ নজৰুল ইছলাম নামৰ এজন লোকে কাৱৈমাৰীৰ এখন ডিলাৰৰ পৰা গাড়ী ক্ৰয় কৰাৰ বাবে সকলো নথি-পত্ৰ জমা দিয়াৰ পাচত ডিলাৰ কৰ্তৃপক্ষই বিচৰা মতে দুখনকৈ উকা চেক জমা দিছিল ।
বিগত বৰ্ষৰ 5 ডিচেম্বৰত চেক জমা দিয়াৰ পাচত 25 ডিচেম্বৰত গাড়ী দিয়াৰ কথা আছিল । কিন্তু ডিলাৰ কৰ্তৃপক্ষই গাড়ী দিয়াৰ বিপৰীতে নজৰুল ইছলামৰ একাউন্টৰ পৰা চেকযোগে 12 লাখ টকা মোকলাই ডিলাৰ বন্ধ কৰি পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰিছে নজৰুল ইছলামে ।