কলিয়াবৰ, 14 জুন: ৰত্নাকৰ বাল্মিকীলৈ ৰূপান্তৰিৰ হোৱা প্ৰতিশ্ৰুতিৰে চাৰি যুৱকৰ আত্মসমৰ্পণ ৷ হাতত হস্তনিৰ্মিত বন্দুক লৈ আত্মসমৰ্পণ চাৰি যুৱকৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park) বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ত আত্মসমৰ্পণ বনদস্যুৰ চাৰিটাৰ (Forest bandit surrendered in Kaziranga)৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষিত বনাঞ্চলৰ(Kaziranga Tiger Reserve) বন বিষয়া ৰমেশ গগৈৰ উপস্থিতিত আত্মসমৰ্পণ ৪ বনদস্যুৰ । আত্মসমৰ্পণ কৰা চাৰি যুৱক ক্ৰমে- অনিত তাঁতী, ৰাহুল ভূমিজ, ইচাক প্ৰধান আৰু এতোৱা মুণ্ডা । দীৰ্ঘদিন ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বনাঞ্চলত চাৰি বন দস্যুয়ে পশু-পক্ষী হত্যা কৰি আহিছিল । নিজৰ কু-কৰ্মৰ বাবে অনুশোচনা কৰি এই পদক্ষেপ গ্ৰহণ কৰে চাৰিও যুৱকে ।