কলিয়াবৰ, ২৮ ফ্ৰেব্ৰুৱাৰী:ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ য়ে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাক এতিয়া দেশৰ ভিতৰতে শিক্ষাত সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে আৰু এই বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা জ্ঞান প্ৰাপ্তিৰ লক্ষ্যৰে নিপুন ভাৰত নামেৰে ভাৰত চৰকাৰে এক ৰাষ্ট্ৰীয় উদ্যোগ ২০২১ চনৰ ৫ জুলাইত আৰম্ভ কৰে । সেই উদ্দেশ্য সফল কৰিবলৈ অসমতো নিপুন অসম নামেৰে এক উদ্যোগ হাতত লৈছে (Training Camp Under Nipun Assam) ।
২০২৬-২৭ চনৰ ভিতৰত তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী যাতে বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা জ্ঞান বৃদ্ধি কৰিব পাৰি সেই লক্ষ্যৰে অসমতো প্ৰশিক্ষিত সমল ব্যক্তিৰ জৰিয়তে প্ৰাথমিক শিক্ষকসকলৰ মাজত প্ৰশিক্ষণ আৰম্ভ হৈছে । কলিয়াবৰ প্ৰাথমিক শিক্ষা খণ্ডৰ ব্যৱস্থাপনাত 'নিপুন অসম'ৰ উদ্যোগত এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কলিয়াবৰৰ বেঙেনাআটি আদৰ্শ মজলীয়া বিদ্যালয়ত (Foundational Literacy and Numeracy Mission at Kaliabor) ।
চাৰিদিনীয়া এই প্ৰশিক্ষণ শিৱিৰত কলিয়াবৰ প্ৰাথমিক শিক্ষাখণ্ডৰ সামূহিক সমল ব্যক্তিসকলে অংশগ্ৰহণ কৰে । য'ত প্ৰশিক্ষিত সমল ব্যক্তিয়ে প্ৰশিক্ষণ প্ৰদান কৰে । এই প্ৰশিক্ষণত সংখ্যা জ্ঞান বৃদ্ধিৰ বাবে বিভিন্ন শিকন সামগ্ৰীৰ ব্যৱহাৰ আৰু আন কাৰ্যকৰী পদ্ধতিৰ প্ৰশিক্ষণ প্ৰদান কৰে । চাৰিদিনীয়া এই প্ৰশিক্ষণ শিৱিৰৰ অন্ত পৰে সোমবাৰে ।