বঢ়মপুৰ,৪ অক্টোবৰ:নগাঁও ননৈ বিহৰী গাঁৱত উপ-স্বাস্থ্য কেন্দ্ৰৰ ভৱনৰ শিলান্যাস । চহৰৰ লগতে সমান্তৰাল ভাৱে গ্ৰামাঞ্চলতো স্বাস্থ্য সেৱা উন্নত কৰিবলৈ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ অধীনত গাঁৱে গাঁৱে নিৰ্মাণ কৰা হৈছে উপ-স্বাস্থ্য কেন্দ্ৰৰ ভৱন । এই উপ-স্বাস্থ্য কেন্দ্ৰৰ যোগেদি বিভিন্ন জৰুৰীকালীন চিকিৎসাৰ লগতে মহিলাসকলৰ প্ৰসূতিৰ বাবে বিশেষ ব্যৱস্থাৰ কোঠা নিৰ্মাণ কৰা হ'ব ।
ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ অধীনত নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিত ১৬ টাকৈ উপ-স্বাস্থ্য কেন্দ্ৰৰ ভৱনৰ অনুমোদন জনায় । এই উপ-স্বাস্থ্য কেন্দ্ৰৰ যোগেদি গাঁৱতে সাধাৰণ ৰাইজে তাৎক্ষণিক চিকিৎসা লাভ কৰিব । বিহৰী গাঁও স্বাস্থ্য কেন্দ্ৰৰ শিলান্যাস কৰিবলৈ আহি সমষ্টিবাসীক এই সু-বাৰ্তা দিয়ে স্থানীয় বিধায়ক জিতু গোস্বামীয়ে । লগতে সময়মতে নিৰ্মাণ সম্পূৰ্ণ কৰি ৰাইজৰ সেৱাৰ উপযোগী কৰি তুলিবলৈ নিজে প্ৰতিটো উপ-স্বাস্থ্য কেন্দ্ৰৰ নিৰীক্ষণ কৰিব বুলি উল্লেখ কৰে ।