অসম

assam

ETV Bharat / state

Shiladitya Dev slams congress: কুকুৰৰ নেজৰ সৈতে কাক তুলনা কৰিলে শিলাদিত্য দেবে ?

মঙলবাৰে বিৰোধী দল কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিল হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেব ৷ নগাঁৱত উপস্থিত হৈ দলটোক তীৰ্যক সমালোচনা কৰে বিজেপি নেতাগৰাকীয়ে ৷

Shiladitya Dev slams congress
Shiladitya Dev criticizes Congress

By

Published : Jun 20, 2023, 9:43 PM IST

কংগ্ৰেছৰ বিৰুদ্ধে সৰব শিলাদিত্য দেব

চামগুৰি, 20 জুন: 2021 ৰ বিধানসভা নিৰ্বাচনৰ আগলৈকে সদা সৰব হৈ থকা মানুহজন এতিয়া একেবাৰেই নীৰব হৈ পৰাৰ দৰেই হ’ল ৷ কাৎচিতহে সাংবাদিকৰ কেমেৰাৰ সমুখত তেওঁক দেখা যায় ৷ আগতে বিভিন্ন বিষয়ত নিজৰ মন্তব্যৰে চৰ্চাত থকা এই ব্যক্তিজন হৈছে হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেব ৷ কিন্তু 2021 ৰ নিৰ্বাচনৰ পিচৰ পৰা সলনি হৈ পৰিল শিলাদিত্য দেবৰ পৰিচয় ৷ প্ৰথমে টিকটৰ পৰা বঞ্চিত হোৱা শিলাদিত্য যেন ক্ৰমাৎ দলত অৱহেলিত হৈ পৰিল ৷ ফলত সংবাদ মাধ্যমতো তেওঁৰ চৰ্চা কমি আহিল ৷

মঙলবাৰে বহুদিনৰ মূৰত সৰব হোৱা দেখা গ’ল বিজেপি নেতা শিলাদিত্য দেবক ৷ বৰ্তমান অসম ভাষিক সংখ্যালঘু ব’ৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেব এইবাৰ সমালোচনামুখৰ হৈ পৰিল বিৰোধী দল কংগ্ৰেছৰ বিৰুদ্ধে ৷ তেওঁ কয়, ‘‘কংগ্ৰেছৰ সদায় আপত্তি থাকেই ৷ কংগ্ৰেছ এটা নিলাজ দল ৷’’

জোনমণি ৰাভাৰ মৃত্যুৰ বাবে চিবিআই তদন্তৰ আহ্বান জনোৱা কংগ্ৰেছে এতিয়া ইয়াৰ বিৰোধিতা কৰা বুলি উল্লেখ কৰি শিলাদিত্য দেবে প্ৰশ্ন কৰে যে, চিবিআইক নিদি গোচৰৰ দায়িত্ব কাক দিব লাগে ? আমেৰিকান ইন্টেলিজেন্টছ নে ইটালীয়ান ইন্টেলিজেন্টছক ! কংগ্ৰেছে যদি কয় ভাৰতীয় আইনৰ ওপৰত তেওঁলোকৰ আস্থা নাই আৰু তেওঁলোকৰ ছোনিয়া গান্ধীৰ গৃহৰাষ্ট্ৰ ইটালীয়ান ইন্টেলিজেন্টছক দিব লাগে তেতিয়া কথা বেলেগ ৷

লগতে পঢ়ক:Ambubachi Mela 2023:অম্বুবাচী মেলালৈ মাজত এটা এদিন, সাজু আৰক্ষী প্ৰশাসন

তেওঁ আৰু কয় যে, কংগ্ৰেছ এটা 140 বছৰ পুৰণি দল ৷ কিন্তু সদনত তেওঁলোকৰ সংখ্য়া মাত্ৰ 40 জন আছেগৈ ৷ কংগ্ৰেছৰ কাৰ্যালয়ত WWE ৰ দৰে মাৰপিট লাগে ৷ ধৰ্মৰ ভিত্তিত কংগ্ৰেছে দেশ বিভাজন কৰিলে বুলি উল্লেখ কৰি কৰ্ণাটকত মুছলমানৰ ভোটেৰে দলটো জয়ী হোৱা বুলি উল্লেখ কৰে শিলাদিত্য দেবে ৷ ৰাহুল গান্ধীকো কটু সমালোচনা কৰি তেওঁ পুনৰ কেনেকৈ সাংসদ হ’ব বুলি মন্তব্য কৰে বিজেপি নেতাগৰাকীয়ে ৷ দুৰ্নীতিত নিমজ্জিত মানুহৰ কথা উল্লেখ কৰি কুকুৰৰ নেজৰ সৈতেও তেওঁলোকক তুলনা কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

ভাৰতত বৰ্তমানেও 80 % লোক হিন্দু বুলি উল্লেখ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰিলে শিলাদিত্য দেবে ৷ তেওঁ কয় যে, কেতিয়াও কোনো কথাত আপোচ নকৰে এইখন চৰকাৰে ৷

ABOUT THE AUTHOR

...view details