অসম

assam

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 7:34 AM IST

Updated : Oct 10, 2023, 7:50 AM IST

ETV Bharat / state

Sahajananda Ojah passed away: অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক সহজানন্দ ওজাৰ পৰলোক প্ৰাপ্তি

বিশিষ্ট শিক্ষাবিদ-ক্ৰীড়া সংগঠক, শিক্ষাবিদ সহজানন্দ ওজাৰ মৃত্যু । ভাৰতীয় ক্ৰিকেট দলৰ সহ মেনেজাৰ হিচাপে পাকিস্তান ভ্ৰমণ কৰিছিল প্ৰয়াত সহজানন্দ ওজাই । ওজাৰ কাৰ্যকালতেই গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত পোন প্ৰথমবাৰ বাবে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হৈছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট খেল ।

Nagaon news
ক্ৰীড়া সংগঠক সহজানন্দ ওজাৰ পৰলোক

নগাঁও, 10 অক্টোবৰ:অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক, নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ, ক্ৰীড়া সংগঠক, সমাজকৰ্মী সহজানন্দ ওজাৰ 85 বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে ৷ সোমবাৰে নিশা 8.10 বজাত নিজা বাসগৃহত মৃত্যু ঘটে ওজাৰ । উল্লেখ্য যে, বিগত কিছুদিন ধৰি তেওঁ বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল ।

শিক্ষা আৰু ক্ৰীড়া ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি অহা সহজানন্দ ওজাই নগাঁও ক্ৰীড়া সংস্থাৰ এসময়ৰ সম্পাদক আৰু সভাপতিৰ দায়িত্ব পালন কৰাৰ লগতে 1977 চনৰ পৰা 1986 চন পৰ্যন্ত অসম ক্ৰিকেট সংস্থাৰ সম্পাদকৰ দায়িত্ব বহন কৰিছিল । তেওঁৰ কাৰ্যকালতেই গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত পোনপ্ৰথমবাৰৰ বাবে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল । আনহাতে, অসম ক্ৰিকেট সংস্থাৰ সম্পাদকৰ দায়িত্বত থকাৰ সময়তে সহজানন্দ ওজা মেনেজাৰ হিচাপে ভাৰতীয় ক্রিকেট দলৰ লগত পাকিস্তান ভ্রমণলৈ যায় ।

এগৰাকী ক্ৰীড়া সংগঠক হিচাপে সহজানন্দ ওজাই নগাঁও তথা অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উত্তৰণত অহোপুৰুষাৰ্থ কৰিছিল । এগৰাকী নিৱন্ধকাৰ হিচাপে পৰিচিত সহজানন্দ ওজাই এসময়ত বাতৰি কাকতৰ ক্ৰীড়া সাংবাদিকতাৰ সৈতেও জড়িত আছিল । নগাঁৱৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত সহজানন্দ ওজা মৃত্যু পৰ্যন্ত বেচৰকাৰী খণ্ডৰ শিক্ষা প্ৰতিষ্ঠান নগাঁও শিক্ষণ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পদত অধিষ্ঠিত হৈ আছিল ।

সহজানন্দ ওজাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসগৃহত ভালেসংখ্যক গুণমুগ্ধৰ সমাগম ঘটে । সহজানন্দ ওজাৰ মৃত্যুত বিধায়ক তথা নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি ৰূপক শৰ্মা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ উপৰি আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, নগাঁও ক্ৰীড়া সংস্থা, নগাঁও প্ৰেছ ক্লাবকে ধৰি ভালেসংখ্যক ব্যক্তি আৰু অনুষ্ঠানে শোক প্ৰকাশ কৰে ।

মৃত্যুৰ সময়ত ওজাই পত্নী, দুই পুত্ৰসহ ভালেসংখ্যক আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায় ।

লগতে পঢ়ক:UNESCO expert leaves Charaideo: বহু তথ্যৰ সম্ভাৰ লৈ চৰাইদেউ এৰিলে ইউনেস্ক’ৰ পৰ্যবেক্ষকে ! অপেক্ষা ভাল খবৰলৈ

Last Updated : Oct 10, 2023, 7:50 AM IST

ABOUT THE AUTHOR

...view details