নগাঁও, 27 এপ্ৰিল:শেহতীয়াভাৱে নগাঁও মহাবিদ্যালয়ৰ (Nagaon College) প্ৰাণী বিজ্ঞান বিভাগৰ পৰীক্ষাগাৰত ধৰা পৰা চালানী মাছত ফৰ্মেলিন, কেডমিয়াম, আৰ্চেনিকৰ উপস্থিতিয়ে নগাঁৱবাসীৰ লগতে সমগ্ৰ অসমবাসীক উদ্বিগ্ন কৰি তুলিছে । এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু সাধাৰণ সম্পাদক দেৱাশীষ দাসে এক বিবৃতিযোগে জনাইছে যে ফৰ্মেলিনযুক্ত মাছে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে (Formalin found in fish) ৷
ইতিমধ্যেই যুৱ ছাত্ৰ পৰিষদে (AJYCP Nagaon) এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল আৰু তাৰ ফলশ্ৰুতিত এই অবৈধ কাৰবাৰ কিছু পৰিমাণে স্তিমিত হৈছিল ৷ কিন্তু প্ৰশ্ন উত্থাপন হয় যে অসাধু চক্ৰই নিজৰ মুনাফা আদায়ৰ বাবে কেনেকৈ ট্ৰাকে ট্ৰাকে ফৰ্মেলিনযুক্ত মাছ নগাঁৱলৈ সৰবৰাহ কৰিব পাৰিছে ? সেয়ে বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে ফৰ্মেলিনযুক্ত চালানী মাছৰ অবৈধ সৰবৰাহ বন্ধ কৰাৰ লগতে এই ব্যৱসায় লগত জড়িত অসাধু ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ নেতাদ্বয়ে দাবী উত্থাপন কৰে ৷
লগতে এটা গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰি কয় যে এই দৈনিক শ শ ট্ৰাকত আমদানি হোৱা মাছৰ গুণাগুণ নিৰূপণ সম্পৰ্কত নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ একেবাৰে কাণসাৰ নথকাতো অতিকৈ ৰহস্যজনক বিষয় ৷