অসম

assam

ETV Bharat / state

Formalin found in fish: নগাঁৱত অবাধে বিক্ৰী চালানী মাছ - চালানী মাছ

নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ এক গৱেষণাত চালানী মাছত মাৰাত্মক ফৰ্মেলিন থকাৰ ভয়াৱহ তথ্য পোহৰলৈ অহাৰ পিছতো নগাঁৱত এতিয়াও নিৰ্বিঘ্নে বিক্ৰী হৈ আছে চালানী মাছ ৷  চালানী মাছ বিক্ৰীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ আম আদমী পাৰ্টীৰ নগাঁৱৰ নেতা বিৰিঞ্চি বৰাৰ (Formalin detection in Fish) ৷

(Formalin detection in Fish
নিৰ্বিঘ্নে বিক্ৰী চালানী মাছ

By

Published : May 4, 2023, 2:32 PM IST

নগাঁৱত এতিয়াও নিৰ্বিঘ্নে বিক্ৰী হৈ আছে চালানী মাছ

নগাঁও, 4 মে’: নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ এক গৱেষণাত চালানী মাছত মাৰাত্মক ফৰ্মেলিন থকাৰ ভয়াৱহ তথ্য পোহৰলৈ অহাৰ পিছতো নগাঁৱত এতিয়াও নিৰ্বিঘ্নে বিক্ৰী হৈ আছে চালানী মাছ ৷ নগাঁও মহাবিদ্যালয়ৰ গৱেষণাত চালানী মাছ স্বাস্থ্যৰ বাবে যে অতি ক্ষতিকাৰক এই কথা পোহৰলৈ অহাৰ পিচত ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগে প্ৰাৰম্ভিক পৰ্যায়ত বিষয়টোত গুৰুত্ব প্ৰদান কৰাৰ পিছতো নগাঁৱত অবাধে চালানী মাছ বিক্ৰী হৈ থকা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নগাঁৱৰ সচেতন ৰাইজৰ মাজত (Formalin in chalani fish) ৷

উল্লেখযোগ্য যে নঁগাও মহাবিদ্যালয়ৰ অধ্যাপক, গৱেষক ছাত্ৰ-ছাত্ৰী আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ এটি দলে কৰা বিগত তিনিমাহজোৰা অধ্যয়নত তথা পৰীক্ষাত চালানী মাছত সৰ্বাধিক ১৫ শতাংশলৈকে ফৰ্মেলডিহাইডৰ উপস্থিতি ধৰা পৰে ৷ তদুপৰি দলটোৰ অধ্যয়নত ০.০০৩ % কেডমিয়াম আৰু ০.১৫ % আৰ্চেনিকৰ উপস্থিতি ধৰা পৰে চালানী মাছত ৷ এই বিষয়ে সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ পিচতেই ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগে মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি অধ্যয়ন তথা পৰীক্ষাৰ নমুনা বিচাৰে ৷ পৰৱৰ্তী সময়ত ফৰ্মেলডিহাইড যুক্ত চালানী মাছ বিক্ৰী বন্ধ কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে (Formaldehyde Chalani Fish Sold Across Nagaon) ৷

বিভিন্ন সংগঠনেও এনেধৰণৰ বৰবিহ সদৃশ মাছ বিক্ৰী বন্ধ কৰিবলৈ দাবী উত্থাপন কৰে ৷ তৎসত্বেও কিন্ত এতিয়া নগাঁও জিলাত ফৰ্মেলডিহাইড যুক্ত চালানী মাছ বিক্ৰীহৈ থকাৰ অভিযোগ উঠিছে ৷ নগাঁও চহৰৰ বৰবজাৰৰ গুদামত ফৰ্মেলিন দি দীৰ্ঘ সময় ধৰি চালানী মাছ জমা ৰখাৰ অভিযোগ উঠিছে ৷ তদুপৰি নগাঁও চহৰৰ মৰিকলং আদি বিভিন্ন স্থানলৈ অন্ধ্ৰপ্ৰদেশকে ধৰি বহিঃ ৰাজ্যৰ পৰা অবাধে চালানী মাছ আহি থকা বুলিও চর্চা চলিছে সচেতন মহলত ৷ আনকি নগাঁৱৰ বৰবজাৰৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীক থলুৱা মাছ বুলি প্ৰৱঞ্চনাৰে চালানী মাছ বিক্ৰী কৰি থকাৰো অভিযোগ উত্থাপন হৈছে (Formalin detection in Fish) ৷

কিন্ত এইক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই জিলা প্ৰশাসন তথা মীন বিভাগে ৷ নগাঁও চহৰৰ মাজমজিয়াৰ বৰবজাৰত চালানী মাছ বিক্ৰী হৈ থকা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় সচেতন লোকৰ লগতে দল, সংগঠনে (Formalin found in fish) ৷ বুধবাৰে বৰবজাৰৰ মাছৰ বজাৰত উপস্থিত হৈ চালানী মাছ বিক্ৰীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আম আদমী পাৰ্টীৰ নগাঁৱৰ নেতা বিৰিঞ্চি বৰাই ৷ ইফালে চালানী মাছত ফৰ্মেলডিহাইডৰ উপস্থিতি ধৰা পৰাৰ পিচতেই একাংশ ব্যৱসায়ীয়ে ইয়াৰ সুযোগ গ্ৰহণ কৰি ছাগলী মাংস, ব্ৰইলাৰ মাংসৰ মূল্য বৃদ্ধি কৰাৰো অভিযোগ উঠিছে (AAP Leader Reacts on Chalani Fish in Nagaon) ৷

লগতে পঢ়ক:Bhabesh Kalita Slams Congress: লোকসভা নিৰ্বাচনত কংগ্ৰেছে ডাঙৰ শূণ্য পাবলৈ আগবাঢ়িছে: ভৱেশ কলিতা

ABOUT THE AUTHOR

...view details