নগাঁও, 1 জুন :নগাঁৱৰ চামগুৰিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হোৱাক কেন্দ্ৰ কৰি দেওবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় চামগুৰিৰ উদমাৰীত। চামগুৰিৰ বিভিন্ন অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে হস্তী-মানৱৰ সংঘাত ।
হস্তী-মানৱ সংঘাত : চামগুৰিত জ্বলিল বন বিভাগৰ কাৰ্যালয় ! - হাতীৰ উপদ্ৰৱ
বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাক লৈ নগাঁৱৰ উদমাৰীত উত্তপ্ত পৰিস্থিতি। উত্তেজিত লোকে ভাঙি লণ্ড ভণ্ড কৰি জ্বলাই দিলে উদমাৰী খণ্ড বন বিষয়াৰ কাৰ্যালয়।
man elephant conflict
সন্ধিয়া চামগুৰিৰ ননৈ চাহ বাগিচাৰ ৰতন কৰ্মকাৰ নামৰ এজন লোকৰ মৃত্যু হয় বন্যহস্তীৰ আক্ৰমণত। ইয়াৰ পিচতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় উদমাৰীত। একাংশ দুৰ্বৃত্তই ভাঙি লণ্ড ভণ্ড কৰে উদমাৰী খণ্ড বন বিষয়াৰ কাৰ্যালয়। কেৱল এয়াই নহয়, একাংশই অগ্নিসংযোগ কৰে খণ্ড বন বিষয়াৰ কাৰ্যালয়টোত।ঘটনাস্থলীত আৰক্ষী বহু পলমকৈ উপস্থিত হোৱাৰো অভিযোগ উত্থাপন হৈছে ৷ হাতীৰ উপদ্ৰৱত ৰাইজ অতিষ্ঠ হোৱাৰ ফলতে এনে বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক :বালিপৰাত দিন দুপৰতে চুৰিকাণ্ডঃ চিচিটিভি কেমেৰাত আৱদ্ধ দৃশ্য