নগাঁও, 14 মে’: নগাঁৱৰ বামুণীত প্ৰাকৃতিক দুৰ্যোগৰ ফলত 18 টাকৈ বন্যহস্তীৰ মৃত্যু হৈছে বুলি মন্তব্য কৰিছে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ বৃহস্পতিবাৰে বিয়লি ভাগত বামুণী পাহাৰত কেইবাটাও হাতীৰ মৃতদেহ উদ্ধাৰৰ পাচতে শুকুৰবাৰে পুৱাৰ ভাগত ঘটনাস্থলীত উপস্থিত হয় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ।
প্ৰাকৃতিক দুৰ্যোগৰ ফলত মৃত্যু হৈছে 18 টাকৈ হাতীৰ: বনমন্ত্ৰী - পৰিমল শুক্লবৈদ্য
বৃহস্পতিবাৰে বিয়লি ভাগত বামুণী পাহাৰত প্ৰাকৃতিক দুৰ্যোগৰ ফলত 18 টাকৈ বন্যহস্তীৰ মৃত্যু হোৱা বুলি মন্তব্য কৰিছে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ ইয়াৰ পূৰ্বে বিষাক্ত দ্ৰব্য সেৱনৰ ফলত হাতীৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছিল স্থানীয় একাংশই ।
![প্ৰাকৃতিক দুৰ্যোগৰ ফলত মৃত্যু হৈছে 18 টাকৈ হাতীৰ: বনমন্ত্ৰী forest-minister-talks-about-elephants-death](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11754944-thumbnail-3x2-fdd.jpg)
হাতীৰ মৃত্যুক লৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মন্তব্য
প্ৰাকৃতিক দুৰ্যোগৰ ফলত মৃত্যু হৈছে 18 টাকৈ হাতীৰ: বনমন্ত্ৰী
প্ৰথম অৱস্থাত বজ্ৰপাতত 20 টাকৈ হাতীৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰাৰ বিপৰীতে স্থানীয় একাংশই বিষাক্ত দ্ৰব্য সেৱনৰ ফলত হাতীৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছিল । ইয়াৰ পাচতে ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰাকৃতিক দুৰ্যোগৰ ফলত 18 টাকৈ হাতীৰ মৃত্যু হোৱা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে ৷
লগতে পঢ়ক :ধুবুৰীত শেহতীয়া ক'ভিড পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী অজন্তা নেওগে
Last Updated : May 14, 2021, 2:13 PM IST