নগাওঁ, 15 নৱেম্বৰ:হাতী-মানুহৰ সংঘাতৰ স্থায়ী সমাধানৰ বাবে পৰিকল্পনা ৰাজ্যৰ বন বিভাগৰ । বিগত দিনত হোৱা অবাধ বনাঞ্চল ধ্বংসৰ বাবেই বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত । নগাঁৱত এই মন্তব্য বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ । ৰাজ্যত বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাতৰ স্থায়ী সমাধানৰ বাবে ধ্বংস হোৱা বনাঞ্চল গঢ় দিয়াৰ বাবে বৃহৎ বৃক্ষ ৰোপনৰ কাৰ্যসূচী হাতত লোৱা বুলি ইটিভি ভাৰত আগত মন্তব্য কৰে বনমন্ত্ৰী পৰিমল শুক্লবদ্যই । ৰাজ্য চৰকাৰৰ বন বিভাগে হাতত লোৱা 10 কোটি গছপুলিৰ ইতিমধ্যে 6 কোটি গছপুলি ৰোপণ সম্পন্ন হোৱা বুলি মন্তব্য কৰে বনমন্ত্ৰীগৰাকীয়ে ৷
লাওখোৱা, বুঢ়াচাপৰি বেদখলমুক্ত কৰি সংস্থাপন কৰা হ’ব গঁড় : পৰিমল শুক্লবৈদ্য - নগাঁৱত মন্তব্য বনমন্ত্ৰী পৰিমল শুক্লবদ্য
হাতী মানুহৰ সংঘাতৰ স্থায়ী সমাধানৰ বাবে গঢ় দিয়া হ’ব ধ্বংস হোৱা বনাঞ্চল । নগাঁৱত মন্তব্য বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ।
লাওখোৱা, বুঢ়াচাপৰি বেদখলমুক্ত কৰি সংস্থাপন কৰা হ’ব গঁড় : পৰিমল শুক্লবদ্য
লগতে ইটিভি ভাৰতত সম্প্ৰচাৰ হোৱা হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে ধান, নিপিয়াৰ, কলগছ আদি খেতি কৰা প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাক ধন্যবাদ জ্ঞাপন কৰে বনমন্ত্ৰীগৰাকীয়ে । ইপিনে এসময়ৰ এশিঙীয়া গঁড়ৰ বিশ্ব বিখ্যাত লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত পুনৰ গঁড় সংস্থাপন কৰা হ’ব বুলিও মন্তব্য কৰি গঁড় সংস্থাপনৰ পূৰ্বে অভয়াৰণ্য দুখন বেদখলমুক্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷
লগতে চাওক- স্বাস্থ্যৰ উন্নতি কোকিলকণ্ঠী গায়িকা ‘লতা মংগেশকাৰৰ’